সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কেলেংকাৰীত অভিযুক্ত ২১জনক আটক চিআইডিৰ

Pic

*অধ্যক্ষ মমিনুল আৱালো আহিব নেকি তদন্তৰ আওতালৈ!*

২০১৮-১৯ আৰু ২০১৯-২০ বিত্তীয় বর্ষত  সংঘটিত হোৱা সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কেলেংকাৰীত জড়িত অভিযোগত চিআইডিয়ে আটক কৰিছে ২১জনকৈ অভিযুক্তক।অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ সঞ্চালক মহম্মদ হাছানে চলিত বৰ্ষ ২৮ আগষ্টত চিআইডিত দাখিল কৰা অভিযোগৰ ভিত্তিত ২০/২০২০ নম্বৰত গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি ১২০(খ)/৪০৬/৪০৯/৪১৯/৪২০/৪৬৮/৪৭১ ধাৰা অধীনত দেওবাৰে তদন্তৰ চলাই আটক কৰিছে অভিযুক্ত কেইজনক।এই কথা জানিবলৈ দিয়ে চিআইডিৰ আইজিপি সুৰেন্দ্র কুমাৰে।

উল্লেখ যে চিআইডিৰ ৫১ জনীয়া এটা দলে গোৱালপাৰা,দৰং,কামৰূপ আৰু ধুবুৰী জিলাত পৃথকে পৃথকে অভিযান চলাই আটক কৰাৰ কথা সংবাদমেলৰ জৰিয়তে জানিবলৈ দিয়ে চিআইডি বিষয়াগৰাকীয়ে।

আটক কৰা ৭ জন গোৱালপাৰাৰ।তেওঁলোক হৈছে-ফুলবৰ ৰহমান, চুলামান হুছেইন, কবিৰ হুছেইন,হাফিজা খাতুন,শ্বেখ নজৰুল ইছলাম, চাজিদা খাতুন আৰু আবিদা খাতুন।

দৰং জিলাৰ পৰাও চিআইডি অভিযানকাৰী দলে আটক কৰিছে ৭জনকৈ অভিযুক্তক।তেওঁলোক হাইদৰ আলী আহমেদ,(সভাপতি, নৱজ্যোতি প্ৰি-চিনিয়ৰ মাদ্ৰাছা ছিপাঝাৰ),বুৰহান আলী(প্ৰধান শিক্ষক, নৱজ্যোতি প্ৰি-চিনিয়ৰ মাদ্ৰাছা ছিপাঝাৰ),মহম্মদ শ্বাহ মহম্মদ,ইমৰান আলী(শিক্ষক,অচিনতলা হাইস্কুল,খাৰুপেটীয়া দৰং),মহম্মদ মনোৱাৰ বাদশ্বাহ(প্ৰধান শিক্ষক, অচিনতলা উচ্চ মাধ্যমিক বিদ্যালয় খাৰুপেটীয়া),মহম্মদ জাকিৰ হুছেইন,মহম্মদ চামছুদ্দিন আহমেদ,মহম্মদ আচিমউদ্দীন।

ইয়াৰ উপৰিও ৬জন আটক কৰিছে কামৰূপ জিলাৰ পৰা।তেওঁলোক হৈছে-নুৰ মহম্মদ আলী, নুৰ আলম, চিৰাজুল হক,হানিফুুদ্দিন আহমেদ,মহম্মদ মহবুবুৰ ৰহমান,ছহিদুল ইছলাম।

ধুবুৰীৰ জিলা পৰা ববুুহানুদ্দিন আহমেদক আটক কৰিছে চিআইডি দলটোৱে।

আটক কৰা ২১জনৰ ভিতৰত চাৰিজন বিদ্যালয় প্ৰধান শিক্ষক,এজন শিক্ষক,তিনিজন চি এছ পি,এজন বিদ্যালয় পৰিচালনা সমিতি সভাপতি,২জন কম্পিউটাৰ অপাৰেটৰ আৰু ১০ জন মধ্যভোগী দালাল-এই কথা চিআইডিৰ বিষয়াই কুমাৰে কয়।

তাৎপৰ্যপূৰ্ণ যে  সংখ্যালঘু উন্নয়ন ব'ৰ্ডৰ অধ্যক্ষ মমিনুল আৱালো জড়িত থকাৰ তথ্য পালে তদন্তৰ আওতাত আহিব বুলি তেওঁ কয়।মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কঠোৰ তদন্তৰ নিৰ্দেশ দিয়া বুলি সংবাদমেলত তেওঁ কয়।

Your Comments