জাতীয় যুৱ শক্তিৰ প্ৰথমটো বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ

জাতীয় যুৱ শক্তি

*SI কেলেংকাৰীৰ অভিসন্ধি ৰচনা কৰা হৈছিল হেঙেৰাবাৰীৰ পৰা-চিত্তৰঞ্জন বসুমতাৰী*

 

অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিয়ে প্ৰথমটো বিক্ষোভ কাৰ্যসূচী দেওবাৰে দীঘলীপুখুৰীৰ পাৰত ৰূপায়ণ কৰে।নিবনুৱাক প্ৰতাৰণা কৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰায় এঘণ্টা সময় ধৰি ৰূপায়ণ কৰে যুৱ বিক্ষোভ কাৰ্যসূচী।নিবনুৱা বিৰোধী চৰকাৰ ডাউন ডাউন,নিবনুৱা বিৰোধী চৰকাৰ হুচিয়াৰ,বিজেপি চৰকাৰ হায় হায়,চাকৰিৰ নামত কেলেংকাৰী বন্ধ কৰক,অসম চৰকাৰ হুচিয়াৰ ধ্বনিত উত্তাল কৰি তোলে বিক্ষোভস্থলী।

যুৱ বিক্ষোভ কাৰ্যসূচীত উপস্থিত থাকে অসম জাতীয় পৰিষদৰ আহ্বায়ক চিত্তৰঞ্জন বসুমতাৰী।"সোণোৱাল চৰকাৰে নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰে,কিন্তু ৰিজাল্ট নিদিয়ে।আকৌ কেতিয়াবা ৰিজাল্ট দিয়ে,কিন্তু নিযুক্তি দিবলৈ নোৱাৰে,এয়া কি চৰকাৰ"-ক্ষোভ প্ৰকাশ কৰে বসুমতাৰীয়ে কয়।তেওঁ পুনৰ কয়-"অসমৰ জাতীয় জীৱনৰ লগত জড়িত বিদেশী ন্যায়াধিকৰণত ১৬০০গৰাকী যুৱক-যুৱতীক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিলে।পৰীক্ষা অনুষ্ঠিত কৰিলে,ৰিজাল্ট দিলে।ৰিজাল্টৰ পিছত যুৱক-যুৱতীসকলক নিয়োগ কৰিব নোৱাৰিলে।গতিকে এইখন চৰকাৰৰ গাদীত থকাৰ কোনো অধিকাৰ নাই।"

"অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পৰীক্ষা অনুষ্ঠিত কৰিলে।পৰীক্ষা অনুষ্ঠিত কৰাত দেখা গ'ল নিজৰ আত্মীয়ক,বিজেপিৰ লগত থকা সাংগো-পাংগু পালি নেতা-আৰএছএছক চাকৰি দিবলৈ অভিসন্ধি ৰচনা কৰিলে।সেই অভিসন্ধি ৰচনা হ'ল হেঙেৰাবাৰীৰ পৰা।গতিকে দিছপুৰৰ পৰা নহয়,হেঙেৰাবাৰীৰ পৰাহে চাকৰি দিয়ে এই চৰকাৰে"- বসুমতাৰীয়ে লগতে কয়।

চাকৰিৰ নামত চৰকাৰখনে কেৱল কেলেংকাৰীয়ে কৰা নাই।চাকৰি দিয়াৰ নামত চৰকাৰখনে ছিণ্ডিকেট আৰম্ভ কৰিছে বুলি লগতে তেওঁ কয়।

"এছআই কেলেংকাৰীৰ ৰৌ-বৰালি এৰি দিছে।যিসকল বিধায়ক-মন্ত্ৰীৰ নাম ওলাইছে,তেওঁলোকক তদন্তৰ আওঁঁতালৈ অনা নহ'ল।গৃহবিভাগৰ চুড়ান্ত ব্যৰ্থতা SI কেলেংকাৰী।তাৰ পিছত নিয়মমাফিক তদন্ত কৰিয়ে গাপ দিলে সমগ্ৰ ঘটনাৰ।চৰকাৰৰ সাহস নাই দোষীক কঠোৰ শাস্তি দিবলৈ"-আহ্বায়কগৰাকীয়ে কয়।মুখ্যমন্ত্ৰীৰ সাহস আছে যদি তদন্তৰ দায়িত্ব চিবিআইক অৰ্পণ কৰক বুলি তেওঁ প্ৰত্যাহ্বান জনায়।

উল্লেখ যে দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা বিক্ষোভ কাৰ্যসূচীত জাতীয় যুৱ শক্তিৰ সকলো বিষয়ববীয়া উপস্থিত আছিল।

Your Comments