শিক্ষাৰ্থীৰ আধাৰ কাৰ্ডক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ।৬-১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া আধাৰ কাৰ্ডৰ ব্যৱস্থা অসম চৰকাৰৰ।৯ নৱেম্বৰ অৰ্থাৎ সোমবাৰে প্ৰতি জিলাৰ উপায়ুক্তই মুকলি কৰিব এই ব্যৱস্থা।ষষ্ঠ অনুসূচী এলেকাৰ জিলাৰ প্ৰধান সচিবে মুকলি কৰিব এই ব্যৱস্থা।অসম চৰকাৰৰ তথ্য আৰু জন সংযোগ বিভাগে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে এই কথা।
উল্লেখ যে চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয়, চৰকাৰী,ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, চৰকাৰী প্ৰাদেশিকৃত বিদ্যালয়,বাগিচাৰ দ্বাৰা পৰিচালিত বিদ্যালয়,কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ,আৱাসিক বিদ্যালয়,জনজাতীয় সমাজ-কল্যাণৰ অধীনত থকা বিদ্যালয়,জৱাহৰ নবোদয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া আধাৰ কাৰ্ডৰ ব্যৱস্থা কৰা হৈছে।
ইফালে,কামৰূপ(ম) জিলাত সোমবাৰে উপায়ুক্তই কামৰূপ একাডেমী আৰু চেনিকুঠী বিদ্যালয়ত আনুষ্ঠানিকভাৱে মুকলি কৰিব বিনামূলীয়া আধাৰ কাৰ্ড সেৱা।
- Log in to post comments
- 11 views