মোবাইল নম্বৰ ৰাজহুৱা কৰি বিপদত মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা।ডাটা অন কৰিলে হাজাৰ হাজাৰ মেছেজেৰে ভৰি পৰে মন্ত্ৰী শৰ্মাৰ মোবাইল।এই কথা নিজে উল্লেখ কৰিলে মন্ত্ৰীগৰাকীয়ে।
শুকুৰবাৰে বিটিএডিত নিৰ্বাচনী প্ৰচাৰৰ মাজতে শৰ্মাই ৰাইজৰ মাজত ৰাজহুৱা কৰিছিল নিজৰ মোবাইল নম্বৰ।
ইফালে,মোবাইল নম্বৰ ৰাজহুৱা কৰাৰ ২৪ ঘণ্টাৰ ভিতৰতে প্ৰায় ২২ হাজাৰ মেছেজ মন্ত্ৰীগৰাকীলৈ অহা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে।
"মোবাইল নম্বৰ ৰাজহুৱা কৰি বিপদত পৰিছোঁ।২২ হাজাৰ মেছেজ আহি এই আছে।মই কাক ৰিপ্লায় কৰিম।ভাবি পোৱা নাই"-মন্ত্ৰী শৰ্মাই কয়।
বিজেপিৰ প্ৰতি ৰাইজৰ কিমান মৰম মোবাইলে প্ৰমাণ কৰিছে।নম্বৰ সলনি নকৰোঁঁ।দুদিন পিছত কমি যাব মেছেজ বুলি উল্লেখ কৰি মন্ত্ৰী ড:।শৰ্মাই কয়-"কিছুমান ডেকা লৰা- ছোৱালীয়ে ভিডিঅ' কল কৰি আছে।মই কেনেকৈ ভিডিঅ' কল ধৰো।"
- Log in to post comments
- 23 views