"শিলচৰ বিমানবন্দৰত যদি পাকিস্তান জিন্দাবাদ দিছিল,আৰক্ষীয়ে কি কৰি আছিল"-গৌৰৱ গগৈ

গৌৰৱ গগৈ

"ভিডিঅ' ভাইৰেল হোৱাৰ পিছতো শিলচৰ বিমানবন্দৰত পাকিস্তান জিন্দাবাদ দিয়াজনক গ্ৰেপ্তাৰ কিয় কৰিবলৈ পৰা নাই"- শিলচৰ আৰক্ষীলৈ এই প্ৰশ্ন কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ।

সমগ্ৰ ৰাজ্যজুৰি শিলচৰৰ ঘটনাক লৈ ব্যাপক চৰ্চা চলি থকাৰ সময়তে গগৈয়ে কয়- "পাকিস্তান জিন্দাবাদ যদি কৈছিল অসম আৰক্ষীয়ে কি কৰি আছে!মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিলে এঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ কৰিব পাৰে অভিযুক্তক।"

উল্লেখ যে এইআইইউডিএফে সমগ্ৰ ঘটনাক পাকিস্তান জিন্দাবাদ নহয় বুলি ইতিমধ্যে স্পষ্টীকৰণ দিছে।তাৰ মাজতে কংগ্ৰেছ সাংসদজনে এই মন্তব্য প্ৰকাশ কৰিছে।

"মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভিডিঅ' টুইট কৰাতকৈ মানুহজনক ধৰিবলৈ লাগিছিল।অসম আৰক্ষী আজিৰ তাৰিখত কিয় ইমান ব্যৰ্থ হ'বলৈ পালে।শিলচৰ বিমানবন্দৰত এনেকুৱা এটা ঘটনা হোৱা বুলি দেশত চৰ্চা চলি থকাৰ পিছত আৰক্ষীয়ে কি কৰি আছে"- গগৈয়ে কয়।

দায়িত্বশীল চৰকাৰ হোৱা হ'লে এঘণ্টাৰ ভিতৰতে সেই মানুহজনক গ্ৰেপ্তাৰ কৰিব পাৰিলেহেতেন বুলি মন্তব্য কৰি গগৈয়ে কয় - "চৰকাৰে যদি গ্ৰেপ্তাৰ নকৰে,আমি ভাবিম ৰাজনৈতিক কিবা অভিসন্ধি আছে।"

Your Comments