ক'ৰ'না ভাইৰাছৰ সন্ত্ৰাস অব্যাহত থকাৰ সময়তে যোৱা দুই নৱেম্বৰৰ পৰা ৰাজ্যত মুকলি কৰা হৈছে শিক্ষানুষ্ঠান।শিক্ষানুষ্ঠান মুকলি কৰাৰ তিনিদিনৰ পিছতে আহিছে ভয়ংকৰ খবৰ।কিয়নো ৰাজ্যত তিনিটা দিনত ক'ৰনাত আক্রান্ত ৫৭৫ গৰাকী হাইস্কুলৰ ছাত্ৰ-ছাত্ৰী।
গুৰুত্বপূৰ্ণ যে কেৱল ছাত্ৰ- ছাত্ৰীয়ে ক'ভিডত আক্রান্ত হৈছে তেনে নহয়,৮২৯ গৰাকী শিক্ষক- শিক্ষয়িত্ৰীও আক্রান্ত হৈছে ক'ৰ'না ভাইৰাছত।
তাৎপৰ্যপূৰ্ণ যে ক'ভিড প্ৰট'কল পালন কৰি বিগত ৮ মাহৰ পিছত ৰাজ্যত বিদ্যালয় মুকলি কৰা হৈছিল ষষ্ঠ শ্রেণীৰ পৰা স্নাতক পৰ্যায়লৈকে।
- Log in to post comments
- 45 views