সুধাকন্ঠ ভাৰতৰত্ন ড: ভূপেন হাজৰিকাৰ নৱম মৃত্যু বাৰ্ষিকীত সদৌ অসম ছাত্ৰ সন্থাই দীঘলী পুখুৰীপাৰত বৰেণ্য শিল্পীগৰাকীৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে।সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ,মুখ্য উপদেষ্টা ড:সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য,সভাপতি দীপাংক নাথৰ লগতে 'আছু'ৰ বহুসংখ্যক সদস্য উপস্থিত থাকে।দীঘলীপুখুৰীৰ পাৰত থকা সুধাকন্ঠৰ প্ৰতিমূৰ্তিত প্ৰতিবছৰৰ দৰে এইবাৰো বন্তি প্ৰজ্বলন কৰি লুৰিণজ্যোতি গগৈয়ে কয়-"শিল্পীগৰাকীৰ নামত সংগ্ৰহালয় স্থাপন কৰি তাত তেওঁৰ সৃষ্টিৰাজিৰ স্বৰলিপিসমূহ সংৰক্ষণ কৰি দেশ-বিদেশৰ পৰ্যটক সকলক তেওঁৰ গানৰ মহত্ত্বৰ বিষয়ে পৰিচয় কৰাই দিব পৰা হ'ব।লগতে তেওঁৰ সৃষ্টিৰাজিৰ অধ্যয়ন আৰু গৱেষণা কৰি নতুন নতুন দিশৰ উন্মেষ ঘটাব পাৰিব।"
"বিশেষকৈ তেওঁৰ স্বৰলিপিসমূহ সংৰক্ষণ কৰাত চৰকাৰৰ দায়িত্ব আছে।যাতে উঠি অহা নৱপ্ৰজন্মই কোনো হানি-বিঘিনি নোহোৱাকৈ পৰিৱেশন কৰিব পাৰে"-গগৈয়ে কয় ।
বিশ্ববৰেণ্য শিল্পীগৰাকীৰ জালুকবাৰীৰ সমাধিক্ষেত্ৰখন জাকত-জিলিকা কৰি তুলিব লাগে বুলি উল্লেখ কৰি গগৈয়ে কয়-"কাৰণ অসমীয়াই কিদৰে তেওঁক সন্মান কৰে,সেই কথা উপলদ্ধি কৰিব পাৰিব লাগিব।সৃষ্টিৰাজি বিভিন্ন ভাষালৈ অনুবাদ কৰিব লাগে।"
পাঠ্যপুথি প্ৰকাশন নিগমে দীনদয়াল উপাধ্যায়ৰ কিতাপ অসমীয়ালৈ অনুবাদ কৰিব পাৰে কিন্তু ভূপেন হাজৰিকাৰ কিতাপসমূহ আন-আন ভাৰতীয় ভাষালৈ অনুবাদ কৰিব নোৱাৰে বুলিও গগৈয়ে ক্ষোভ প্ৰকাশ কৰে।
ইফালে,শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীত উপস্থিত থাকি উপদেষ্টা ড: সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়-"ভূপেনদাৰ সৃষ্টিৰাজি হৃদয়ত স্থাপন কৰিয়ে অসমৰ জাতীয় জীৱন আগবাঢ়ি যোৱাৰ চিন্তা-প্ৰয়াস অব্যাহত ৰাখিছে।অসমখন আগবঢ়াই নিয়াত ভূপেনদাৰ সৃষ্টিৰাজিতে সন্ধান আছে।তাকে লৈ আগবাঢ়িব লাগিব।"তিবছৰে আমি কিছুমান কথা কৈ আহিছোঁঁ,কিন্তু ৰজাঘৰৰ গাত লগা নাই।ৰজাঘৰে ভূপেনদাৰ প্ৰতি শ্ৰদ্ধা জনাই কিছুমান কাম কৰিব লাগে বুলি উল্লেখ কৰি ড: ভট্টাচাৰ্যই কয়-"নৱ প্ৰজন্মৰ মাজত তেওঁৰ সৃষ্টিৰাজি বিলাই দিব পৰাকৈ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ব লাগে।আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ সৃষ্টিৰাজি ব্যাপকভাৱে গৱেষণাৰ জৰিয়তে আগবঢ়াই নিবলৈ ড: ভূূপেন হাজৰিকা আন্ত:ৰাষ্ট্ৰীয় গৱেষণা প্ৰতিষ্ঠান এটা অসমত স্থাপন কৰিব লাগে।"
গুৱাহাটী ৰেল ষ্টেচনটোৰ নাম ড: ভূপেন হাজৰিকাৰ নামত নামাকৰণ কৰি সমাধিস্থলী আহল-বহল কৰিব লাগে বুলি ভট্টাচাৰ্যই লগতে কয়।
- Log in to post comments
- 18 views