গণতান্ত্ৰিক প্ৰতিবাদক আওকাণ কৰি পশ্চিমবংগ নিৰ্বাচনৰ পূৰ্বে 'কা' কাৰ্যকৰী কৰাৰ বাবে সাজু বিজেপি

Against CAA

সমগ্ৰ দেশৰ লগতে ৰাজ্যবাসীৰ তীব্র প্ৰতিবাদ স্বত্বেও নিজৰ মতত অটল বিজেপি চৰকাৰ।নাগৰিকত্ব সংশোধনী আইন-২০১৯ কাৰ্যকৰী কৰাৰ বাবে সাজু হৈছে কেন্দ্ৰৰ বিজেপি চৰকাৰ।আগন্তক পশ্চিমবংগ নিৰ্বাচনৰ পূৰ্বে দেশত বিতৰ্কিত 'কা' কাৰ্যকৰী কৰাৰ বাবে বিজেপি সাজু বুলি উল্লেখ কৰিছে কলকাতাত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কৈলাশ বিজয়বৰ্গীয়ই।"বিজেপি চৰকাৰে শৰণাৰ্থীৰ দুখৰ অন্ত পেলাবলৈ বিচাৰে।শৰণাৰ্থীক নাগৰিকত্ব দিয়াৰ বাবে 'কা' বিজেপিয়ে গৃহীত কৰিছে"-তেওঁ লগতে কয়।

উল্লেখ যে বিতৰ্কিত আইনৰ বিৰুদ্ধে একাংশই আদালতৰ দ্বাৰস্থ হৈ থকাৰ সময়তে বিজেপিয়ে কৌশলপূৰ্ণভাৱে আগবাঢ়িছে 'কা' কাৰ্যকৰী কৰাৰ বাবে।

তৃণমূল কংগ্ৰেছৰ দখলত থকা পশ্চিম বংগ বিধানসভা বিজেপিয়ে নিজৰ দখললৈ অনাৰ বাবে যুদ্ধকালীন তৎপৰতাৰে 'কা' কাৰ্যকৰী কৰিবলৈ বিজেপি আগবাঢ়িছে বুলি সচেতন মহলত চৰ্চা আৰম্ভ হৈছে।

Your Comments