আলু-পিয়াঁজৰ অত্যাধিক মূল্যবৃদ্ধিক লৈ অৱশেষত গা লৰিল ৰাজ্য চৰকাৰ আৰু যোগান বিভাগৰ।ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত পিয়াঁজৰ অত্যাধিক মূল্যবৃদ্ধি সন্দৰ্ভত খানাপাৰাৰ প্ৰশাসনিক কলেজত অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ বৈঠক।বৈঠকত উপস্থিত থাকে যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী,কৃষি মন্ত্ৰী অতুল বৰা,কৃষি বিভাগৰ বিষয়া।
বৈঠকত ৰাজ্য চৰকাৰে পিয়াঁজৰ পাইকাৰী মূল্য নিৰ্ধাৰণ কৰিছে।৫০ টকাকৈ নিৰ্ধাৰণ কৰিছে পিয়াঁজৰ মূল্য।বৃহস্পতিবাৰৰ পৰা প্ৰযোজ্য হ'ব এই মূল্য।
ইফালে খুচুৰা ব্যৱসায়ীসকলে পাইকাৰী মূল্যতকৈ ৫-৬ টকা বেছিকৈ ল'ব পাৰিব মূল্য।
উল্লেখ যে জৰুৰীভাৱে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত মহানগৰ আৰক্ষী আয়ুক্ত, কামৰূপ মহানগৰ জিলা উপায়ুক্ত,কামৰূপ চেম্বাৰছ অব্ কমাৰ্চ,আসাম চেম্বাৰছ অব্ কমাৰ্চ,আলু- পিয়াঁজ ব্যৱসায়ী সন্থা,কণী ব্যৱসায়ী সন্থা,মাছ-মাংস ব্যৱসায়ী সন্থা,শাক-পাচলি ব্যৱসায়ী সন্থা আদি প্ৰতিনিধিসকল উপস্থিত থাকে।আনহাতে,বৃহস্পতিবাৰেও কামৰূপ(ম) জিলা উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হ'ব পুনৰ বৈঠক।
- Log in to post comments
- 14 views