অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত সদৌ অসম ছাত্ৰ সন্থাৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ।ঐতিহাসিক লতাশিল খেলপথাৰৰ সন্মুখত 'আছু'ৱে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী।অসম চৰকাৰৰ যোগান বিভাগ চূড়ান্ত ব্যৰ্থ হোৱাৰ বাবে ৰাইজে আজি দুৰ্ভোগ ভুগিব লগা হৈছে বুলি আছুৰ সদস্যসকলে উল্লেখ কৰে।
"ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ বাবে ঘোষণা কৰা হোৱা লকডাউনৰ পিছত জনতা আৰ্থিকভাৱে জুৰুলা হোৱাৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য দ্ৰুত গতিত বৃদ্ধি হৈছে।ইয়াৰ পিছতো অসম চৰকাৰ-যোগান বিভাগ কুম্ভকৰ্ণ নিদ্ৰাত আছে"- গুৰুতৰ অভিযোগ সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ।
"যোগানমন্ত্ৰী ফণীভূষণ চৌধুৰীৰ কাৰ্যকাল সম্পূৰ্ণ হ'বৰ হ'ল।এইখিনি সময়ত তেওঁ গভীৰ নিদ্ৰাতে থাকিল।মাজে-মাজে সাৰ পাই খালে আৰু শুই গ'ল"-এইদৰে কয় সদৌ গুৱাহাটীৰ ছাত্ৰ সন্থাৰ নেতৃত্বই।
উল্লেখ যে আছুৰ সদস্যসকলে আলু-পিয়াঁজৰ মালা,থাল বজাই সাব্যস্ত কৰে প্ৰতিবাদ।
অসম চৰকাৰ হায় হায়,মূল্যবৃদ্ধি ৰোধ কৰক, অসম চৰকাৰৰ কাম নাই আদি ধ্বনিৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,যোগান মন্ত্ৰী ফনীভূষণ চৌধুৰী,মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি লৈ সাব্যস্ত কৰে প্ৰতিবাদ।
- Log in to post comments
- 15 views