ক্ৰমাৎ সুস্থ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে গগৈ।সুস্থ হৈ উঠা গগৈক বৰ্তমানো ৰখা হৈছে আই চি ইউত।
কৃত্ৰিমভাৱে ২ ঘণ্টাৰ মূৰে মূৰে অক্সিজেন যোগান ধৰি থকা হৈছে গগৈক।দেহত অক্সিজেনৰ মাত্ৰা ৯৪ লৈ বৃদ্ধি পাইছে।শাৰীৰিক ব্যায়াম কৰিছে পুৱা উঠি।নিয়ন্ত্ৰণত আছে শৰীৰৰ কাৰ্বন ডাই অক্সাইড।এনআইভিৰপৰা স্থানন্তৰ কৰা হৈছে গগৈক।
চিকিৎসকৰ লগত মত বিনিময় কৰিছে গগৈয়ে।ইফালে জিএমচিএইছৰ অধীক্ষক অভিজিৎ শৰ্মাই কয়-"বৰ্তমান সুস্থ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী।কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ দেহত বাঢ়ি যোৱাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল গগৈক।তাৰ পৰিমাণ ১০০-১১০লৈ বৃদ্ধি হৈছিল।চিকিৎসকৰ দলৰ নিৰীক্ষণত আছে গগৈ।"
- Log in to post comments
- 13 views