গুৱাহাটী মেডিকেল কলেজ হাস্পতালত পুনৰ ভৰ্তি কৰোৱা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক।দেওবাৰে ৰাতিয়ে আইচিইউত ভৰ্তি কৰোৱা হৈছে বৰ্ষীয়ান নেতাগৰাকীক।গুৰুতৰভাৱে অসুস্থ গগৈক কৃত্ৰিমভাৱে অক্সিজেন যোগান ধৰা হৈছে ।
চিকিৎসাধীন গগৈ বৰ্তমান কিছু সুস্থ হৈছে যদিও বিপদমুক্ত হোৱা নাই নেতাগৰাকী।উল্লেখ যে দুটা মাহ চিকিৎসাধীন হৈ থকাৰ পিছত কেইদিনমানৰ পূৰ্বে ঘৰলৈ আহিছিল গগৈ।
জ্যেষ্ঠ চিকিৎসকৰ দলে গগৈক চিকিৎসা কৰি আছে।প্ৰয়োজনত এইমছৰ জ্যেষ্ঠ চিকিৎসক আহিব গগৈৰ বাবে।
ইফালে অসুস্থ গগৈ সন্দৰ্ভত গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ অধীক্ষক অভিজিৎ শৰ্মাই কয়-"গগৈ বৰ্তমান সুস্থ হৈছে। এম'নিয়াৰ পৰিমাণ কিছু বাঢ়ি আছে।চিকিৎসকৰ মাতত চকু মেলি চায়।জিভা উলিয়াব ক'লে দেখুৱায়।
"মাত-বোল কৰিবলৈ পৰা নাই বুলি ক'ব নোৱাৰি।যি সোধা হয় সেয়া তেওঁ কয়।খোৱা -বোৱা বৰ্তমান সময়ত দিয়া হোৱা নাই"- শৰ্মাই লগতে কয়।
- Log in to post comments
- 15 views