চাৰি জনগোষ্ঠীৰ উন্নয়নৰ বাবে অসম চৰকাৰৰ বিশেষ পেকেজ ঘোষণা

Sibsagar

*শিৱসাগৰত আহোম জনগোষ্ঠীৰ দল-সংগঠনৰ প্ৰতিনিধিৰ সৈতে বৈঠক*

#শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

অসম চৰকাৰে শেহতীয়াকৈ জাৰি কৰা এক অধিসূচনা মৰ্মে ৰাজ্যখনৰ চাৰিটা জনগোষ্ঠীৰ উন্নয়নৰ বাবে অসম চৰকাৰৰ বিশেষ পেকেজ সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যেৰে বুধবাৰে শিৱসাগৰ জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত আহোম জনগোষ্ঠীৰ দল-সংগঠনৰ প্ৰতিনিধিৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়। 

বৈঠকত অংশগ্ৰহণ কৰি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে অসম চৰকাৰে ৰাজ্যৰ চাৰিটা জনগোষ্ঠীৰ উন্নয়নৰ বাবে আগবঢ়োৱা এই বিশেষ পুঁজিৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ  সোণোৱাল আৰু বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ এই বিশেষ পেকেজৰ অধীনত পৰিকল্পনা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত নতুন প্ৰজন্মৰ যুৱক-যুৱতীৰ স্বাৱলম্বীতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। তেওঁ পুৰণি কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণৰ লগতে অগ্ৰাধিকাৰ ভিত্তিত অন্যান্য খণ্ডকো আঁচনিৰ আওতাত অনাৰ পোষকতা কৰে। সুদূৰ প্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিব পৰা কাৰ্যসূচীসমূহক লৈ পৰিকল্পনা প্ৰস্তুত কৰিবলৈ তেওঁ আহ্বান জনায়। তেওঁ উল্লেখ কৰে যে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে শিৱসাগৰ জিলাক আইকনিক ছাইট হিচাবে গণ্য কৰি ৫০০ কোটি টকাৰ পুঁজি ঘোষণা কৰিছে। তেওঁ লগতে জনতা ভৱনৰ সন্মুখত স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্রহণ কৰিছে বুলিও সদৰি কৰে।

বৈঠকত উপস্থিত থাকি অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে অসম চৰকাৰে চাৰি জনগোষ্ঠীৰ উন্নয়নৰ বাবে আগবঢ়োৱা বিশেষ পেকেজৰ পুঁজিৰ সদব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আঁচনিসমূহ চয়নৰ সময়ত অগ্ৰাধিকাৰ ভিত্তিত কাম-কাজসমূহ নিৰ্দিষ্ট কৰিবলৈ তেওঁ আহ্বান জনায়। তেওঁ পৰৱৰ্তী বৈঠকত উপস্থিত দল-সংগঠনৰ প্ৰতিনিধিসকলক তেওঁলোকৰ পৰামৰ্শৱলী লিখিত ৰূপত দাখিল কৰিবলৈ কয়। তেওঁ পৰিকল্পনা প্ৰস্তুত কৰোঁতে ঐতিহাসিক দৌল-দেৱালয়,পুখুৰীসমূহৰ সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধন আদি কামৰ লগতে নিবনুৱা সমস্যাৰ সমাধান,দক্ষতা বিকাশ, ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়ন আদিত গুৰুত্ব দিব লাগিব বুলি উল্লেখ কৰে।

বৈঠকত জিলা উপায়ুক্ত লক্ষ্মীনন্দন গগৈয়ে আদৰণি ভাষণ প্ৰদান কৰাৰ লগতে বৈঠকৰ উদ্দেশ্য ব্যাখ্যা কৰে। নিজ বক্তব্যত তেওঁ এই পেকেজ ৰূপায়ণ সন্দৰ্ভত অসম চৰকাৰে আহোম জনগোষ্ঠীৰ বাবে শিৱসাগৰ জিলাত ন'ডেল জিলা হিচাপে ঘোষণা কৰিছে বুলি অৱগত কৰে। এই পেকেজৰ অধীনত ৰূপায়ণ কৰিবলগীয়া আঁচনি আৰু কাম-কাজৰ ক্ষেত্ৰত ঐতিহাসিক কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণৰ লগতে যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশ, স্বনিয়োজন, ক্ৰীড়া খণ্ডৰ উন্নয়ন আদি বিষয়সমূহত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে উল্লেখ কৰে যে জিলা প্ৰশাসনে জিলাখনৰ ঐতিহাসিক কীৰ্তিচিহ্নসমূহৰ বেদখলমুক্ত কৰাৰ প্ৰক্ৰিয়া চলাই আছে। ৰূপহী পথাৰত ১৫ বিঘা মাটিত আইকনিক যাদুঘৰ নির্মাণৰ বাবে প্ৰদান কৰাৰ কথাও তেওঁ উল্লেখ কৰে। তেওঁ বিভিন্ন জিলাৰ পৰা অহা আহোম জনগোষ্ঠীৰ দল-সংগঠনসমূহৰ প্ৰতিনিধিসকলক সংশ্লিষ্ট জিলাসমূহত টাই-আহোমৰ কলা-সাহিত্য-সংস্কৃতিৰ প্ৰতিফলিত হোৱাকৈ একোখনকৈ আদর্শ গাঁও প্ৰতিষ্ঠা কৰিবলৈ যত্নপৰ হ'বলৈ আহ্বান জনায়। পেকেজৰ অধীনত ৰূপায়ণ হ'বলগীয়া কাম-কাজৰ বিষয়ে আলোচনা কৰাৰ বাবে পৰৱৰ্তী বৈঠক অহা ১৩ নৱেম্বৰত অনুষ্ঠিত কৰ হ'ব বুলিও তেওঁ সদৰি কৰে। 

সভাত জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলীয়ে চাৰি জনগোষ্ঠীৰ উন্নয়নৰ বাবে অসম চৰকাৰৰ বিশেষ পেকেজ ৰূপায়ণ সন্দৰ্ভত পালন কৰিবলগীয়া নীতি-নিৰ্দেশনা সম্পৰ্কে বিশদভাৱে অৱগত কৰে। তেওঁ উল্লেখ কৰে যে এই পেকেজৰ অধীনত আহোম, চুতীয়া, মৰাণ আৰু মটক জনগোষ্ঠীৰ উন্নয়নৰ বাবে অসম চৰকাৰে ৫০০ কোটি টকাৰ বিত্তীয় অনুদান ঘোষণা কৰিছে আৰু ইয়াৰে প্ৰতিটো জনগোষ্ঠীৰ বাবে ১২৫ কোটি টকা ধাৰ্য কৰা হৈছে।

বৈঠকত বিভিন্ন জিলাৰ পৰা অহা আহোম জনগোষ্ঠীৰ দল-সংগঠনৰ প্ৰতিনিধিসকলে বিভিন্ন পৰামৰ্শ আগবঢ়ায়।

বৈঠকত নাজিৰাৰ বিধায়ক দেৱব্রত শইকীয়া, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিপুল শইকীয়া, অতিৰিক্ত উপায়ুক্ত জুনুমণি সোণোৱাল, সহকাৰী আয়ুক্ত মনালী প্ৰসাদ ৰজক, বিশিষ্ট সমাজ সেৱিকা সুৰভি ৰাজকুৱঁৰী,সংশ্লিষ্ট বিভাগসমূহৰ মূৰব্বী বিষয়াসকলৰ লগতে যোৰহাট, ডিব্ৰুগড়, লখিমপুৰ, তিনিচুকীয়া, কাৰ্বি আংলং, বিশ্বনাথ আৰু চৰাইদেউ জিলাৰ পৰা অহা আহোম জনগোষ্ঠীৰ দল-সংগঠনৰ প্ৰতিনিধিসকল উপস্থিত থাকে।

Your Comments