'এছআই' কেলেংকাৰীত অভিযুক্ত দ্বিবন ডেকাৰ জামিন আবেদন দাখিল

Diban Deka

অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কেলেংকাৰীত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা বিজেপি নেতা দ্বিবন ডেকাৰ জামিন আৱেদন দাখিল।চিআইডি আৰু ক্ৰাইম ব্রান্সৰ দুয়োটা গোচৰত জামিনৰ আবেদন জনাইছে ডেকাই। উল্লেখ যে চিআইডিৰ ২১/২০ আৰু ক্ৰাইম ব্ৰান্সৰ ১৩/২০ নম্বৰ গোচৰত গ্ৰেপ্তাৰ হৈ সম্প্ৰতি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী আছে বিজেপি নেতাগৰাকী।যোৱা ২০ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা এছআই পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল বিজেপি নেতাগৰাকী।

Your Comments