নগাঁৱৰ জুৰীয়াত 'ৰাইজৰ দল'ৰ গুৰুত্বপূৰ্ণ সভা:দুই শতাধিক নেতা-কৰ্মীৰ যোগদান 

Raijar Dal

নগাঁৱৰ পৰা ৱাহিদুদ জামান:

নগাঁও জিলাৰ ৰূপহীহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত জুৰীয়াৰ তিনিচুকীয়া গাওঁ পঞ্চায়তত মঙলবাৰে বিয়লি 'ৰাইজৰ দল'ৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।উক্ত সভাত সমষ্টিটোৰ কেইবা শতাধিক ভোটাৰ নাগৰিকে কভিড প্ৰট'কল মানি অংশগ্ৰহণ কৰে।সভাত ৰাইজৰ দলৰ নেতা, বিশিষ্ট সমাজসেৱক তথা ৰূপহীহাট বিধানসভা সমষ্টিৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী নজৰুল ইছলামে অংশগ্ৰহণ কৰি সমষ্টিটোৰ ভোটাৰ ৰাইজৰ লগত মত বিনিময় কৰাৰ লগতে সমষ্টিটোৰ সমস্যাসমূহৰ ওপৰতো পৰ্যালোচনা কৰে। সভাতেই সমষ্টিত  নিজ দলৰ কাম-কাজত অসন্তুষ্ট হৈ কংগ্ৰেছ দলৰ লগতে অন্যান্য ৰাজনৈতিক দলৰ পৰা প্ৰায় দুই শতাধিক নেতা-কৰ্মীয়ে দল ত্যাগ কৰি 'কা' বিৰোধী স্থিতিত জন্ম লাভ কৰা আঞ্চলিক শক্তি 'ৰাইজৰ দল'ত যোগদান কৰে।সভাত ৰাইজৰ দলৰ ৰূপহীহাট সমষ্টিৰ নেতা আলহাজ নজৰুল ইছলামক উষ্ম আদৰণি জনোৱা হয়।


 

Your Comments