ক্ৰমাৎ সুস্থ হৈ উঠিছে কপিল দেৱ

Kapil Deb

ভাৰতীয় ক্ৰিকেট দলৰ ভূতপূৰ্ব অধিনায়ক,কিম্বদন্তী ক্ৰিকেটাৰ কপিল দেৱ অস্ত্ৰোপচাৰৰ পিছত সুস্থ হৈ ঘৰলৈ উভতিছে ৷ কপিল দেৱ চিকিৎসাধীন হৈ থকা চিকিৎসালয়ৰ কৰ্তৃপক্ষই দেওবাৰে এই বিষয়ে জানিবলৈ দিয়ে ৷ দুৰ্গা পূজাৰ ষষ্ঠীৰ দিনা হঠাৎ হৃদৰোগত আক্ৰান্ত হোৱাৰ পাছত ৬১ বছৰীয়া ক্ৰিকেটাৰগৰাকীক নতুন দিল্লীৰ ফটিছ এচক’ৰ্ট ইন্‌ষ্টিটিউটত ভৰ্তি কৰোৱা হৈছিল আৰু লগতে একেদিনাই তেওঁৰ এন্‌জিঅ’প্লাষ্টি কৰোৱা হৈছিল ৷ শনিবাৰে তেওঁ ক্ৰমাৎ সুস্থ হৈ অহাত দেওবাৰে ঘৰলৈ যাবলৈ দিয়া হয় ৷ এইজন মহান ক্ৰিকেটাৰৰ অধিনায়কত্বতে ভাৰতে ১৯৮৩ চনত পোনপ্ৰথমবাৰৰ বাবে ক্ৰিকেটৰ বিশ্বকাপ জয় কৰিবলৈ সক্ষম হৈছিল৷

Your Comments