২ নৱেম্বৰৰ পৰা কি কি নিয়ম মানি ৰাজ্যত শিক্ষানুষ্ঠান মুকলি হ'ব,পঢ়ি জানি লওঁক

Schools

ক'ৰ'না পৰিস্থিতিৰ মাজতে অহা ২ নৱেম্বৰ সোমবাৰৰ পৰা ৰাজ্যত পুনৰ আৰম্ভ হ'ব শিক্ষানুষ্ঠানৰ নিয়মীয়া পাঠদান।ক'ভিড প্ৰট'কল মানি চলি চৰকাৰে সুদীৰ্ঘ ৮ মাহৰ পিছত মুকলি কৰিব বিদ্যালয়-মহাবিদ্যালয়ৰ পাঠদান।ক'ভিড প্ৰট'কল পালন কৰি মুকলি কৰিব লগা শিক্ষানুষ্ঠানসমূহৰ ক্ষেত্রত বান্ধি দিয়া হৈছে কেতবোৰ নতুন নিৰ্দেশনা।

কাৰিকৰী শিক্ষা পলিটেকনিক, ইঞ্জিনীয়াৰিং প্ৰতিষ্ঠানসমূহত আৰম্ভ হ'ব নিয়মীয়া পাঠদান।
কিন্তু হোষ্টেলসমূহ ১ ডিচেম্বৰৰ পৰাহে কৰিব পাৰিব মুকলি।নিয়মীয়া পাঠদান আৰম্ভ হ'লেও অনলাইন শিক্ষা ব্যৱস্থা বাহাল থাকিব।

মহাবিদ্যালয়সমূহতো আৰম্ভ হ'ব নিয়মীয়া পাঠদান।প্ৰতিটো শ্রেণীকোঠাত সৰ্বাধিক ২৫ জন ছাত্ৰ-ছাত্ৰীক কৰিব পাৰিব পাঠদান।

সপ্তাহৰ সোম আৰু বৃহস্পতিবাৰে স্নাতক প্ৰথম ষাণ্মাসিকৰ পাঠদান । 

মঙল,বুধ আৰু শুকুৰবাৰে তৃতীয় ষাণ্মাসিক পাঠদান।

মঙল,বুধ,শুকুৰ,শনিবাৰে স্নাতক পঞ্চম ষাণ্মাসিকৰ পাঠদান কৰিব পাৰিব।

পাঠদান আৰম্ভ হ'লেও হোষ্টেলসমূহ বন্ধ থাকিব।ইফালে এই সময়ছোৱাত কোনো ছাত্ৰ- ছাত্ৰীয়ে নিজৰ ঘৰৰ ওচৰৰ মহাবিদ্যালয়ত ক্লাছ কৰিবলৈ বিচাৰিলে,অস্থায়ীভাৱে এমাহ কৰিব পাৰিব।

ইফালে প্ৰথমমানৰ পৰা পঞ্চমমানলৈ বিদ্যালয়সমূহৰ শ্রেণী বন্ধ  থাকিব।অৱশ্যে মধ্যাহ্ন ভোজন আনিবলৈ বিদ্যালয়লৈ যাব পাৰিব ছাত্ৰ-ছাত্ৰী।ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহেও এই নিয়ম পালন কৰাটো বাধ্যতামূলক।

ষষ্ঠ শ্ৰেণীৰ পৰা সকলো শ্ৰেণীৰ পাঠদান আৰম্ভ হ'ব।প্ৰতিদিনে দুটা ভাগত বিভক্ত কৰি শ্রেণীসমূহ আৰম্ভ কৰিব।পুৱা ৮.৩০ বজাৰ পৰা দুপৰীয়া ১২.৩০লৈ আৰু দুপৰীয়া ১.৩০ বজাৰ পৰা আবেলি ৪.৩০লৈ।৫০% ছাত্ৰ-ছাত্ৰীক শ্রেণীলৈ মাতিব লাগিব।ছাত্ৰ-ছাত্ৰী শ্রেণীত উপস্থিত থকাটো বাধ্যতামূলক নহ'ব।

আনহাতে,আগন্তক বর্ষত কেৱল অষ্টম,দশম আৰু দ্বাদশ শ্রেণীৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব।অন্য শ্রেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ পৰীক্ষা অনুষ্ঠিত নহ'ব।পূৰ্বৰ ছিলেবাছ হ্ৰাস পাব।

বিদ্যালয়সমূহৰ পৰা ইতিমধ্যে ক'ভিড কেয়াৰ চেণ্টাৰসমূহ প্ৰত্যাহাৰ কৰা হৈছে।চেনিটাইজাৰৰ ব্যৱস্থা কৰা হৈছে সকলো বিদ্যালয়ত।ব্যক্তিগত খণ্ডৰ বিদ্যালয়,টিউচন, কোচিং চেণ্টাৰসমূহে এই সমূহ নিয়ম পালন কৰাটো বাধ্যতামূলক।

প্ৰথমমানৰ পৰা পঞ্চমমানলৈ ক্লাছসমূহ মুকলি কৰা সন্দৰ্ভত অহা ডিচেম্বৰত সিদ্ধান্ত গ্ৰহণ কৰিব চৰকাৰে।

বিশ্ববিদ্যালয়সমূহ মুকলি কৰাক লৈ ৰাজ্য চৰকাৰে প্ৰদান কৰা নাই কোনো নিৰ্দেশনা।বিশ্ববিদ্যালয়সমূহে কেতিয়াৰে পৰা,কি কি নিয়ম মানি বিশ্ববিদ্যালয় মুকলি কৰিব,সেয়া তেওঁলোকে নিজে সিদ্ধান্ত ল'ব।

Your Comments