২৫ অক্টোবৰৰ দিনটোৰ বিশেষত্ব জানো আহক

Artist Day

সকলোৰে আশাৰ উৎসৱ দুৰ্গাপূজাৰ দশমীৰ লগতে আজিৰ দিনটো আন এটা কাৰণটো পালন কৰা হয় ৷ প্ৰত্যেক বছৰৰ ২৫ অক্টোবৰ তাৰিখটো পৃথিৱীৰ সকলো শিল্পী আৰু তেওঁলোকৰ শিল্পকৰ্মক সন্মান জনাই বিশ্ব শিল্পী দিৱস হিচাপে পালন কৰা হয় সমগ্ৰ পৃথিৱীতে ৷

১৮৮১ চনৰ ২৫ অক্টোবৰত জন্ম গ্ৰহণ কৰা বিশ্ববিখ্যাত স্পেনিছ শিল্পী, চিত্ৰকৰ পাব্ল’ পিকাছ’ৰ জন্মদিনটোক সুঁৱৰি এই দিনটো পালন কৰা হয় বিশ্ব শিল্পী দিৱস হিচাপে ৷

Artist Day

দ্য মেট্ৰ’পলিটান মিউজিয়াম অফ্ আৰ্ট, আৰ্ট গেলেৰী অফ্‌ অন্টাৰিঅ’, নেচনেল গেলেৰীজ্‌ অফ্‌ স্কটলেণ্ড, জেৰুজালেম ফাউণ্ডেচন আৰু তেনে বহুতো আন্তৰ্জাতিক সংস্থাৰ উদ্যোগত এই দিনটো পালন কৰা হয় ৷

কানাডাৰ শিল্পী খ্ৰীষ্ট মেক্‌লাৰে ২০০৪ চনত এই দিনটো প্ৰথমবাৰৰ বাবে পালন কৰিছিল ৷

Your Comments