হাউলী ৰাস মহোৎসৱ এইবাৰ হ'ব তিনিদিনীয়া

Hauly Raas

বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰ:

বিশ্বত্ৰাস ক’ৰ'নাৰ বাবে এইবাৰ ৩ দিনীয়াকৈ উদযাপন কৰা হ'ব হাউলী ৰাস মহােৎসৱ । দেওবাৰে অনুষ্ঠিত কৰা এখন সাধাৰণ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ সভাত গ্ৰহণ কৰা সিদ্ধান্ত মৰ্মে অহা
২৯, ৩০ নৱেম্বৰ আৰু ১ ডিচেম্বৰত এইবাৰ কেৱল আধ্যাত্মিকতা তথা ধর্মীয় ৰীতি -নীতিৰে পালন কৰা হ'ব ৰাস ৷ এইবাৰৰ ৰাসত নাথাকে কোনাে মেলা, মীনা বজাৰ । তদুপৰি অনুষ্ঠিত নহ'ব ৰাস মন্দিৰৰ সাহাৰ্য্যাৰ্থে অনুষ্ঠিত হৈ অহা অসমবাসীৰ মাজত জনপ্রিয় উপহাৰ কুপনৰ খেল । উল্লেখ্য যে বিগত ভালেমান বছৰ ধৰি হাউলী ৰাস মহোৎসৱখনি অতি উলহমালহেৰে তথা জাক-জমকতাৰে ১৫ দিনীয়াকৈ পালন কৰি অহা হৈছিল।         

Your Comments