ইতিহাসত ১৮ অক্টোবৰৰ দিনটো...

Alaska Day

*আজি হৈছিল এখন প্ৰদেশৰ কিনা-বেচা*

প্ৰদেশ কিনা-বেচাৰ দিন বুলিলে আচৰিত নালাগেনে? কিন্তু এনে হৈছিল ১৮৬৭চনৰ আজিৰ দিনটোতে ৷

প্ৰকৃততে ১৮৬৭চনৰ মাৰ্চ মাহৰ ৩০ তাৰিখে বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ অন্তৰ্গত আলাস্কাক ৭.২ মিলিয়ন ডলাৰত ৰাছিয়াৰপৰা মাৰ্কিন যুক্তৰাষ্ট্ৰই কিনি লৈছিল ৷ পিছে চৰকাৰী হস্তান্তৰ-কাৰ্য সম্পূৰ্ণ হয় সেই চনৰে ১৮ অক্টোবৰৰ দিনটোত ৷

Alaska Day

সেই দিনাৰপৰা আলাস্কাই এই দিনটো আলাস্কা দিৱস হিচাপে পালন কৰি আহিছে ৷ লগতে আলাস্কা চৰকাৰে এইটো দিনক চৰকাৰী বন্ধৰ দিন হিচাপেও ঘোষণা কৰিছে।

এই ক্ৰয়ক যোগাত্মকভাৱেই লৈ আহিছে সকলোৱে তেতিয়াৰপৰাই।বহুতে বিশ্বাস কৰে এই কাৰ্যই এছিয়ালৈ আমেৰিকাৰ ব্যৱসায়ৰ দ্বাৰ মুকলি কৰিছিল।

Your Comments