বৰপেটাৰোড চৰকাৰী চিকিৎসালয় অঘটন:একেদিনাই ৩ গৰাকী প্ৰসূতিৰ মৃত্যু

Barpetaroad

বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুুকদাৰ:

বৰপেটাৰোড চৰকাৰী চিকিৎসালয়ত ১৭ অক্টোবৰত একেদিনাই ৩ গৰাকীকৈ প্ৰসূতিৰ মৃত্যু হোৱাৰ ঘটনাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।জানিব পৰা মতে চিজাৰিয়ান কৰি প্ৰসৱ কৰাৰ বাবে শনিবাৰে তিনিগৰাকী প্ৰসূতিক অস্ত্ৰোপচাৰ কক্ষত ভৰ্ত্তি কৰোৱা হৈছিল৷প্ৰসূতিকেইগৰাকী হৈছে-যোশীহাটী হাতীজানাৰ আজমীনা খানম(২২), সৰভোগৰ পাপৰি কলিতা (২২) আৰু মইনামাতাৰ অনুৰাধা শৰ্মা (২৩)।তেওঁলোকৰ আটাইকেইগৰাকীৰে অস্ত্ৰোপচাৰ ডাঃ পৰেশ কলিতা,ডাঃ অৰূপ কলিতা আৰু ডাঃ মনোজ চৌধুৰীয়ে সুকলমে সম্পন্ন কৰি প্ৰসৱ কৰোৱায়৷তাৰে পিছৰে পৰা তেওঁলোক কঁপি কঁপি বেয়াৰ ফাললৈ যোৱাত তেওঁলোকক বৰপেটালৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় যদিও তেওঁলোকৰ ইতিমধ্যে মৃত্যু হয়।কিহৰ বাবে এনেকৈ একেদিনাই তিনিগৰাকীকৈ প্ৰসূতিৰ মৃত্যু হ’ল,তাৰ কাৰণ জানিবলৈ বিচৰাত চিকিৎসালয়খনৰ অধ্যক্ষ ডাঃ সঞ্জীৱ সৰকাৰে এয়া চিকিৎসকৰ গাফিলতিৰ বাবে নহয় বুলি মন্তব্য কৰি ঔষধৰ বাবেহে হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰে।                                

Your Comments