নগাঁৱৰ 'ডাচৱানী ক্লাছেছ'ৰ সাফল্য:'নীট' পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণ 

Daswani Classes

নগাঁৱৰ পৰা ৱাহিদুদ জামান:

পূৰ্বৰ ধাৰা অক্ষুন্ন ৰাখি পুনৰ উজলি উঠিল নগাঁৱৰ 'ডাচৱানী ক্লাছেছ'। সদ্যঘোষিত 'নীট' পৰীক্ষাত শিক্ষা প্ৰতিষ্ঠানখনৰ ১০০ শতাংশ প্ৰাৰ্থী উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে।প্ৰতিষ্ঠানখনৰ পৰিচালক প্ৰাঞ্জল কুমাৰ বৰাই জানিবলৈ দিয়া মতে এইবাৰ প্ৰতিষ্ঠানখনৰ পৰা মেডিকেল প্ৰৱেশ পৰীক্ষাত ৩০ জনে বিভিন্ন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত,২১ জনে চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়ত নামভৰ্ত্তিৰ সুযোগ লাভ কৰিব । তদুপৰি,এই প্ৰতিষ্ঠানৰ ৫ জন ছাত্ৰ-ছাত্ৰীয়ে ইতিপূৰ্বে NIT শিলচৰ আৰু তেজপুৰত ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰমৰ বাবে নামভৰ্ত্তি কৰিছে।এইবছৰ প্ৰতিষ্ঠানখনৰ পৰা NEET পৰীক্ষাত পূবেৰুণ জ্যোতি বৰা (৫৬৯) নম্বৰ, JEE পৰীক্ষাত অৰ্পিত গোস্বামীয়ে (৯২%) আৰু CEE পৰীক্ষাত সন্দিপ কুমাৰ মাইটে (২৯১)ই নম্বৰ পাবলৈ সক্ষম হৈছে।ৰাজস্থানৰ কোটা চহৰৰ অভিজ্ঞ শিক্ষকে পাঠদান কৰা এই প্ৰতিষ্ঠানখনৰ ধাৰাবাহিক সাফল্যক লৈ এতিয়া উৎফুল্লিত হৈ পৰিছে ডাচৱানী পৰিয়াল।উল্লেখ্য যে ২০২১ বৰ্ষৰ মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰতিষ্ঠানখনে অহা ১ নৱেম্বৰৰ পৰা পাঠদান আৰম্ভ কৰিব।শনিবাৰে অনুষ্ঠিত এটা অনুষ্ঠানত এই ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়।

 

Your Comments