হাউলীৰ মৌটুপুৰীত পথ দুৰ্ঘটনা:পৌৰসভাৰ ১০ জন ছাফাই কৰ্মীসহ গাড়ীচালক আহত

Accident Injury.

বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰ:

হাউলীৰ সমীপৰ মৌটুপুৰীত শনিবাৰে পুুৱা৭:৩০ মান বজাত এটা পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এই দুৰ্ঘটনাত ১১জনকৈ লোক আঘাতপ্ৰাপ্ত হয় ৷ আঘাতপ্ৰাপ্ত হোৱাসকলৰ ভিতৰত আছে ১০ হৈছে বৰপেটাৰোড পৌৰসভাৰ চাফাই কৰ্মী আৰু আনজন গাড়ী চালক ৷ প্ৰাপ্ত তথ্য মতে তেওঁলোক বেন্নীবাৰীৰ বাসিন্দা হোৱাৰ সূত্ৰে পুৱাতে বৰপেটাৰোড পৌৰসভালৈ কাম কৰাৰ উদ্দেশ্যেৰে ঘৰৰ পৰা একেলগ হৈ এখন টেম্পোত আহি আছিল ৷ তেনেতে তীব্ৰ বেগত অহা এখন চাৰিচকীয়া বাহনে টেম্পোখন মৌটুপুৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত  খুন্দিয়াই বগৰাই দিয়ে ৷ ফলত টেম্পোখনত থকা লোকসকল আহত হয় ৷ আহতসকল হৈছে ৰাতুল বড়ো, ৰজনী বসুমতাৰী, মদন আৰ্য্য ( টেম্পো চালক), চীনা বসুমতাৰী, দোমাং বড়ো, ওৰ্গা বসুমতাৰী, নাৰ্ছিং বড়ো, ডেকলা বসুমতাৰী, দ্বীপেন বড়ো, মহিন্দ্ৰ (ডাউখা) বসুমতাৰী আৰু পদ্ম বসুমতাৰী ৷ ইয়াৰ ভিতৰত ৰাতুল বড়ো, ৰজনী বসুমতাৰী, চীনা বসুমতাৰী আৰু মদন আৰ্য্যৰ আঘাত গুৰুতৰ হোৱাৰ বাবে তেওঁলোকক উন্নত চিকিৎসাৰ বাবে বৰপেটালৈ প্ৰেৰণ কৰা হৈছে।                      

Your Comments