ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ মাজতে দুৰ্গা পূজা আয়োজনত ৰাজ্য চৰকাৰৰ অনুমতি।কেৱল মাত্ৰ ধাৰ্মিক ৰীতি-নীতি,পৰম্পৰাৰে ক'ভিড প্ৰট'কল মানি কৰিব পাৰিব পূজা।পূজা আয়োজনক লৈ ৰাজ্যৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে গাইডলাইন ।
পূজা আয়োজন কোনো বাধা নাথাকিব।কিন্তু জিলা প্ৰশাসনৰ অনুমতি লোৱাটো বাধ্যতামূলক।
পূজা কমিটীসমূহে পূজা মণ্ডপ অৰ্থাৎ পেণ্ডেল সম্পূৰ্ণ মুকলি কৰি ৰাখিব লাগিব।বন্ধ পূজা মণ্ডপত আয়োজন কৰিব নোৱাৰিব পূজা।
প্ৰৱেশ আৰু প্ৰস্থানৰ পথ সুকীয়া সুকীয়া হ'ব লাগিব।
পূজা মণ্ডপত মাক্স-ছেনিটাইজাৰৰ ব্যৱহাৰ কৰাটো বাধ্যতামূলক।
পূজা আয়োজক কমিটী-পুৰোহিত, স্বেচ্ছাসেৱকসকলে পূজাৰ আগদিনা ক'ভিড টেষ্ট কৰাটো বাধ্যতামূলক।একেদৰে দেৱী বিসৰ্জনৰ পিছতো কৰিব লাগিব ক'ভিড টেষ্ট।
ৰাতি ১০ বজাৰ লগে লগে বন্ধ কৰিব লাগিব পূজা মণ্ডপ।
ৰাতি ৯ বজাৰ পিছত হোটেল-ৰেস্তোৰাঁ বন্ধ কৰিব লাগিব।
পূজাৰ দিনকেইটাত মটৰ চাইকেলত দুজন পুৰুষ উঠাত থাকিব বাধা।
দেৱী বিসৰ্জনৰ সময়ত শোভাযাত্ৰা কৰিব নোৱাৰিব।
পূজা মণ্ডপত একে সময়তে ৫০ জনৰো অধিক লোক উপস্থিত থাকিব নোৱাৰিব।
উল্লেখ যে অহা ২৩ অক্টোবৰৰ পৰা আৰম্ভ হ'ব দুৰ্গা পূজা।
- Log in to post comments
- 18 views