ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ৰ বেতন বঞ্চিত শিক্ষকৰ এটা দীৰ্ঘদিনীয়া সমস্যাৰ অৱশেষত সমাধান।১৯৯১ৰ পৰা ২০০১ চনলৈ অতিৰিক্ত ভাৱে নিয়োজিত হৈ থকা প্ৰায় ৪৫৩৬ গৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকলৈ মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই দিলে ভাল খবৰ।অহা পহিলা নৱেম্বৰৰ পৰা ১৫৭৬ জন শিক্ষকৰ চাকৰি নিয়মীয়া হ'ব।নিয়মীয়া হ'ব লগা শিক্ষকসকল ২০০৭ চনলৈ দৰমহা আৰু শিক্ষা বিভাগৰ প্ৰশিক্ষণ গ্ৰহণ কৰা।
ইফালে,২৯৬০ গৰাকী শিক্ষকে দৰমহা লাভ কৰিছিল যদিও প্ৰশিক্ষণ গ্ৰহণ কৰা নাছিল।সেই সকলক ফিক্সড পে নিয়মেৰে প্ৰদান কৰিব দৰমহা।এই কথা অৱগত কৰিলে মন্ত্ৰী শৰ্মাই।
উল্লেখ যে ২০০৭ চনৰ পৰা দৰমহাৰ পৰা বঞ্চিত হৈ থকা শিক্ষকসকলে পূৰ্বতে পাবলৈ থকা দৰমহা বৰ্তমান লাভ নকৰিব।
গুৰুত্বপূৰ্ণ যে শিৱসাগৰ জিলাৰ ১৫শ শিক্ষকো আছে ইয়াৰ ভিতৰত।
- Log in to post comments
- 89 views