আজিৰ দিনটোত জন্ম হৈছিল দুগৰাকী স্মৰণীয় ভাৰত-সন্তানৰ...

Leader

১১ অক্টোবৰৰ দিনটোত ভাৰতবৰ্ষত জন্ম হৈছিল দুজনকৈ বিখ্যাত লোকৰ প্ৰথমজন, জয় প্ৰকাশ নাৰায়ণ ৷ তেওঁৰ জন্ম হৈছিল ১৯০২চনৰ ১১অক্টোবৰ তাৰিখে ৷ 'লোক নায়ক' উপাধিৰে বিখ্যাত জয়প্ৰকাশ নাৰায়ণ ভাৰতৰ স্বাধীনতা আন্দোলনৰ এজন অগ্রণী আন্দোলনকাৰী, সমাজবাদী ৰাজনৈতিক নেতা আছিল ৷ ভাৰত-ত্যাগ আন্দোলনৰ অন্যতম নায়ক আছিল জয় প্ৰকাশ নাৰায়ণ ৷ ১৯৭৯ৰ ৮অক্টোবৰত তেওঁঁৰ মৃত্যু হৈছিল ৷

আনহাতে, ১৯১৬ চনৰ ১১অক্টোবৰত জন্ম হৈছিল ভাৰতৰ অন্য এজন সমাজ সংস্কাৰক, ৰাজনীতিক নানাজী দেশ্‌মুখৰ ৷ ১৯৯৯ চনত পদ্ম বিভূষণ উপাধিৰ সন্মানিত হোৱা নানাজী দেশ্মুখে শিক্ষা, স্বাস্থ্যৰ লগতে গাওঁ অঞ্চলৰ আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰিবলৈ কাম কৰিছিল । ২০১০ চনৰ ২৭ ফেব্ৰুৱাৰীত  দেশমুখৰ মৃত্যু হয় ৷

Your Comments