নৱজ্যোতি বৰালৈ উন্মীলন-সাধনা বঁটা-২০১৮

নৱজ্যোতি বৰালৈ উন্মীলন-সাধনা বঁটা-২০১৮

কলিয়াবৰৰ এটি সাধাৰণ পৰিয়ালৰ যুৱক নৱজ্যোতি বৰা । যিজন যুৱকে অযুত সপোন লৈ আগবাঢ়িছিল সোণোৱালী ভৱিষ্যতৰ ফালে । নৱজ্যোতিয়ে অভিনয়, কবিতা, গল্প লেখি সাহিত্য-সংস্কৃতিৰ প্ৰতি যে তেওঁ অনুৰাগী তাৰেই পৰিচয় ডাঙি ধৰিছিল ।

কিন্তু সময় যে ইমান নিষ্ঠুৰ হ'ব পাৰে ! ১৯৯৯ চনত এটা ভয়ংকৰ পথ দুৰ্ঘটনাই তেওঁৰ জীৱনৰ সকলো সপোন ভাঙি চূড়মাৰ কৰি দিলে । আজি ১৭টা বছৰে সকলো হেৰুৱাই দুৰ্বিষহ জীৱন কটাইছে নৱজ্যোতিয়ে ।

ইমানতো কিন্তু হাৰ মনা নাই নৱজ্যোতিয়ে । সৃষ্টিৰ পৃথিৱীখনত আজিও তেওঁ মগ্ন । তেওঁ সৃষ্টি কৰি গৈছে কবিতা, গল্প, নাট, প্ৰবন্ধ । বহু কবিতা, গল্প প্ৰকাশ পাইছে কাকত, আলোচনীত ।

তেওঁৰ কেইবাখনো কবিতা পুথিও প্ৰকাশ পাইছে । এইজন মানসিকভাৱে সবল, বিশেষভাৱে সক্ষম যুৱক নৱজ্যোতি বৰাক আজি "উন্মীলন- এখন নতুন পৃথিৱীলৈ" নামৰ কলিয়াবৰৰ এটি সাহিত্য-সাংস্কৃতিক অনুষ্ঠানে বৰভগীয়াস্থিত নিজা বাসগৃহত উন্মীলন-সাধনা বঁটা-২০১৮ প্ৰদান কৰে ।

অনুষ্ঠানটোৰ কেইবাগৰাকী সদস্যৰ উপস্থিতিৰে বঁটা প্ৰদান অনুষ্ঠানত নৱজ্যোতি বৰাৰ একমাত্ৰ বৃদ্ধা মাতৃকো সম্বৰ্ধনা জনায় সন্থাটোৱে ।

সদস্যসকলে দুৰ্ভগীয়া পৰিয়ালটোলৈ আৰ্থিকভাৱে কিছু সকাহ দিবৰ বাবে চৰকাৰৰ লগতে স্থানীয় বিধায়ক তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্তক আহ্বান জনোৱাৰ উপৰি আগ্ৰহী ব্যক্তিসকলকো সহায়ৰ হাত আগবঢ়াই পৰিয়ালটিক কিছু সকাহ দিবৰ বাবে সদস্যসকলে আহ্বান জনাইছে ।

Your Comments