অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ মূল অভিযুক্ত দ্বিবন ডেকাক পুনৰ ৬দিনৰ চিআইডি জিম্মালৈ প্ৰেৰণ।কামৰূপ জিলা ন্যায়িক দণ্ডাধীশৰ আদালতে ধৃত বিজেপি নেতাগৰাকীক ৬দিনৰ চিআইডি জিম্মালৈ প্ৰেৰণ কৰিছে।উল্লেখ যে ৭ দিনৰ চিআইডিৰ জিম্মাত বিচাৰিছিল ঘটনাৰে জড়িত মূল অভিযুক্তগৰাকীক।
উল্লেখ যে ইয়াৰ পূৰ্বে ক্ৰাইম ব্ৰান্সৰ পাঁচ দিনৰ জিম্মাত আছিল ডেকা ।
গুৰুত্বপূৰ্ণ যে ঘটনাৰ অন্যতম অভিযুক্ত প্ৰাক্তন ডিআইজি
পি কে দত্তকো মঙলবাৰে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
- Log in to post comments
- 8 views