সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ অধিৱেশনৰ দিন ঘোষণা।চলিত বৰ্ষৰ অহা ১৮, ১৯,২০ আৰু ২১ নৱেম্বৰত চাৰিদিনীয়াকৈ তৈলনগৰী দুলিয়াজানত অনুষ্ঠিত হ'ব সংগঠনটোৰ অধিৱেশন।এই কথা সংবাদমেল যোগে ঘোষণা কৰিলে 'আছু'ৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে।উল্লেখ যে তিনিখন খেলপথাৰত অনুষ্ঠিত হ'ব সাধাৰণ অধিৱেশনখন।দুলীয়াজান মহাবিদ্যালয় খেলপথাৰ,চলাকটকী ৰাজহুৱা খেলপথাৰ আৰু দুলীয়াজান বালিকা বিদ্যালয় খেলপথাৰ।
গুৰুত্বপূৰ্ণ যে অধিৱেশনৰ বাবে যোৱা পাঁচ ছেপ্টেম্বৰত অধ্যাপক সুৰেন্দ্র নাথ গগৈক সভাপতি আৰু আছুৰ কেন্দ্ৰীয় নেতা শংকৰজ্যোতি বৰুৱাক সাধাৰণ সম্পাদক হিচাপে লৈ গঠন কৰা হৈছে অভ্যৰ্থনা সমিতি।
আছুৰ অন্য অধিৱেশনতকৈ দুলীয়াজানৰ অধিৱেশ হ'ব একক আৰু অনন্য।জাতীয় জীৱনৰ সংকট-কালত বিশেষ বাৰ্তা প্ৰেৰণ কৰিব অধিৱেশনখনে।সকলো জাতি- জনগোষ্ঠীক একত্ৰিত কৰি অনুষ্ঠিত হ'ব শ অধিৱেশনখন।এই কথা প্ৰকাশ কৰে সাধাৰণ সম্পাদক লুৰিন জ্যোতি গগৈয়ে।
সাধাৰণ অধিৱেশনখনত ডিব্ৰুগড়- দুলীয়াজানৰ ঐতিহ্য-পৰম্পৰা প্ৰতিফলিত হোৱাৰ উপৰিও ৰাজ্যৰ বিভিন্ন জাতি- জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি প্ৰদৰ্শিত হ'ব।ইয়াৰ উপৰিও 'দুলীয়াজান' শীৰ্ষক গ্ৰন্থ উন্মোচন হ'ব অধিৱেশনখনত-গগৈয়ে লগতে কয়।
তাৎপৰ্যপূৰ্ণ যে উক্ত সাধাৰণ অধিৱেশনতে 'আছু'ৰ নতুন কেন্দ্ৰীয় সমিতি গঠন কৰা হ'ব।
- Log in to post comments
- 35 views