ঘগ্ৰাপাৰ শিক্ষা খণ্ডৰ বিদ্যালয় পৰিচালনা সমিতি আৰু মাতৃ গোটক বঁটা প্ৰদান 

Ghagrapar

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ শিক্ষা খণ্ডৰ অন্তৰ্গত মণ্ডল সমল কেন্দ্ৰৰ ভিতৰত সৰ্বোৎকৃষ্ট বিদ্যালয় পৰিচালনা  সমিতি আৰু মাতৃগোটলৈ  প্ৰতিটো কেন্দ্ৰৰ একোখনকৈ শ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি-সম্পাদকক শুকুৰবাৰে বঁটা প্ৰদান কৰা হয়।সমগ্ৰ শিক্ষা অভিযান অসমৰ অধীনত আৰু বড়িগোগ বনভাগ শিক্ষা খণ্ডৰ কাৰ্যালয়ৰ উদ্যোগত তথা ঘগ্ৰাপাৰ নিম্ন প্ৰাথমিক বিদ্যালয়ত এই বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়।অনুষ্ঠানটোৰ আৰম্ভণিতে যুৱ সমাজকৰ্মী নাচিকুৰ ৰহমানে বিদ্যালয় গৃহটোত ছেনিটাইজিং কৰে।স্বাস্থ্য বিভাগৰ সকলো নীতি-নিৰ্দেশনা মানি আৰম্ভ কৰা আৰু শিক্ষা খণ্ডটোৰ চিআৰচি ৰঞ্জিত দাসে আঁঁত ধৰা অনুষ্ঠানতটোত পৌৰোহিত্য কৰে বড়িগোগ বনভাগ শিক্ষা খণ্ডৰ খণ্ড বিষয়া ৰাজেন্দ্ৰ কলিতাই।সভাত মুখ্য অতিথি হিচাপে ভাষণ দিয়ে 'নিয়মীয়া বাৰ্তা' কাকতৰ সাংবাদিক বীৰেন কলিতাই।কলিতাই শিক্ষকসকলক নিজৰ দায়িত্ব পালন তথা নিষ্ঠা সহকাৰে শিক্ষা দান কৰিবলৈ আহ্বান জনায়। সভাত পীতপৰা এমই বিদ্যাপীঠৰ পৰিচালনা সমিতিৰ সভাপতি তথা অৱসৰী কৃতী শিক্ষক  নৃপেন্দ্ৰ দাস,পূব নলবাৰী মিলন এমই বিদ্যাপীঠৰ পৰিচালনা সমিতিৰ সভাপতি মমতাজ আহমেদ আৰু পিবি
আল্লিয়া এমই স্কুলৰ পৰিচালনা সমিতিৰ সভাপতি ভূমিধৰ কলিতাই শিক্ষক-শিক্ষয়িত্ৰীসকলক সেৱা মনোভাবেৰে কাম কৰিবলৈ আহ্বান জনায়।অনুষ্ঠানত জেষ্ঠ খণ্ড সমল ব্যক্তি নগেন চন্দ্ৰ দাস,মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক অনিতা বৰ্মন,ৰীমা বৈশ্য,প্ৰাঞ্জল ৰাজবংশী,নুৰ ইচলাম খান আৰু শিক্ষা খণ্ডটোৰ গাণনিক হাচমত আলী উপস্থিত থাকে।আনহাতে আজিৰ সভাতে পশ্চিম বনভাগ আল্লিয়া এমই স্কুল,জাবজাবকুছি এলপি স্কুল,পীতপৰা এমই বিদ্যাপীঠ,২১৫ নং চত্ৰা এলপি স্কুল,ভিঠা এমই স্কুল,পাণবাৰী এলপি স্কুল,মিলন বিদ্যাপীঠ এমই স্কুল,সাহান বিষ্টুপুৰ এলপি স্কুল,বৰগাছা ভড়ালতোলা এলপি স্কুল,থানপাত খুচি এলপি স্কুল, পূব বনভাগ মিলন এমই স্কুল,চটাইবাৰী এমই স্কুল, ৪৪৮ নং হাঁহদলী এলপি স্কুল,ধমধমা এমই বিদ্যাপীঠ,৩৬৪ নং বিলপাৰ বালক এলপি স্কুল আৰু পূৰ্ণকামদেৱ বালিকা প্ৰাইমাৰী স্কুলৰ সৰ্বমুঠ ১৬ খন বিদ্যালয়ৰ পৰিচালনা সমিতি আৰু মাতৃগোটৰ সভাপতি/সম্পাদকসকলক ফুলাম গামোচা আৰু বঁটাৰে অভিনন্দন জনায়।

Your Comments