নলবাৰীত পেট্ৰ'ল,ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদ যুৱ-ছাত্ৰ পৰিষদৰ

Nalbari Protest

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

পেট্ৰ'ল,ডিজেল আৰু অত্যাৱশকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত মঙলবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ কৰে।উল্লেখ্য যে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে পৰিষদৰ নলবাৰী জিলা সমিতিয়ে নলবাৰী জৈন মন্দিৰ চ'কত পেট্ৰ'ল,ডিজেল আৰু অত্যাৱশকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ কৰে।উক্ত প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ ক্ৰীড়া সম্পাদক ব্ৰজেন চৌধুৰীয়ে কয় যে মহামাৰী ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা লকডাউনৰ ফলত ক্ষতিগ্ৰস্থ হৈছে সৰ্বসাধাৰণ নাগৰিকসকল।চৰকাৰৰ আহ্বান মৰ্মে বিভিন্ন স্তৰৰ ৰাইজে 'চৰকাৰৰ ৰাজকোষ'লৈ আৰ্থিক সহযোগিতা আগবঢ়াইছে।এনে ক্ষেত্ৰত এইসময়ত চৰকাৰক সহযোগিতা আগবঢ়োৱা ৰাইজৰ ওপৰত পেট্ৰ'ল-ডিজেলৰ লগতে অত্যাৱশকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰে ৰামটাঙোন শোধাইছে।লকডাউনৰ নীতি-নিয়ম মানি ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ ক্ৰীড়া সম্পাদক ব্ৰজেন চৌধুৰী,নলবাৰী জিলা সমিতিৰ সভাপতি মনোৰাম কলিতা,সাধাৰণ সম্পাদক নিৰোদ দাস,যুটীয়া সম্পাদক প্ৰণৱজ্যোতি কলিতা,উপ-সভাপতি পাৰ্থ প্ৰতীম শৰ্মাকে ধৰি পৰিষদৰ জিলা আৰু আঞ্চলিক সমিতিৰ বহু কেইজন বিষয়ববীয়া উপস্থিত থাকে।

Your Comments