গোলাঘাটৰ এনাজৰী ভৱন কোৱাৰেন্টাইন কেন্দ্ৰত ১০ দিনীয়া স্বাৱ পৰীক্ষণ আৰম্ভ

গোলাঘাট

গোলাঘাটৰ পৰা মীনাক্ষি ফুকন:

মঙলবাৰে গোলাঘাট চহৰৰ অন্যতম কোৱাৰেন্টাইন কেন্দ্ৰ এনাজৰী বিবাহ ভৱনত আৰম্ভ হয় স্বাৱ পৰীক্ষণ।১০ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা এই স্বাৱ  পৰীক্ষণত মঙলবাৰৰ দিনটোত সৰ্ব্বমুঠ ৪৩ জন লোকৰ স্বাৱ সংগ্ৰহ কৰা হয়।সমগ্ৰ কাৰ্যসূচীত মঙলবাৰে অংশ লয় এবিপিএম গেলাবিলৰ ৰতন প্ৰধান,গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ লেবৰেটৰী টেকনিচিয়ান কমলাক্ষী দত্ত,লেব টেকনিচিয়ান উৎপল শইকীয়া,সমুজ্বল বৰা,আশা চুপাৰভাইজাৰ অঞ্জলি শইকীয়া আৰু অন্তৰা সভাপণ্ডিতে।

গোলাঘাট

উক্ত কেন্দ্ৰত আগন্তুক ৯ দিনত  গোলাঘাটৰ সকলো লোকে স্বাৱ পৰীক্ষণ কৰিব পাৰিব বুলি উল্লেখ কৰে বিষয়ববীয়াসকলে।

Your Comments