বছৰৰ প্ৰথমটো বানৰ কৱলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

Kaziranga Flood

কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ:

ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ লগে লগে 
ক্ৰমাৎ জলমগ্ন হ'বলৈ আৰম্ভ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন।সমান্তৰালভাৱে ওফন্দি উঠা ডিফলু নদীৰ পানীও প্ৰৱেশ কৰিছে ৰাষ্ট্ৰীয় উদ্যানখনত।ৰাষ্ট্ৰীয় উদ্যানখনৰ ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া বনশিবিৰসমূহৰ এটাৰ পাছত আনটো বনশিবিৰ বানৰ কৱলত পৰা বুলিও মঙলবাৰে উদ্যান কৰ্তৃপক্ষই    জানিবলৈ দিয়ে।এই পৰ্যন্ত মুঠ ৩৩ টা বন শিবিৰ বানৰ কবলত পৰিছে৷কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডিএফঅ’ ৰমেশ গগৈৰ পৰা জানিব পৰা মতে কহঁৰা বনাঞ্চলত ৬ টা,বাগৰি বনাঞ্চলত ৬ টা,অগৰাতলি বনাঞ্চলত ১৬ টা, বুঢ়াপাহাৰ বনাঞ্চলত ৩টা আৰু উত্তৰ বনাঞ্চলত ২টাকে ধৰি মুঠ ৩৩ টা বনশিবিৰেদি পানী বাগৰিছে।ৰাষ্ট্ৰীয় উদ্যানখনত পানী সোমাবলৈ আৰম্ভ কৰাৰ লগে লগে নিৰাপদ আশ্ৰয়ৰ বাবে একাংশ বন্যপ্ৰাণী কাৰ্বি পাহাৰৰ দিশে ঢাপলি মেলাৰ লগতে একাংশই আশ্ৰয় লৈছে ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাষত।কাৰ্বি পাহাৰলৈ গতি কৰা বন্যপ্ৰাণীসমূহৰ নিৰাপত্তাৰ বাবে পাহাৰত থকা বনশিবিৰসমূহত সতৰ্কতা অৱলম্বন কৰা হৈছে,আনহাতে,পানী বাঢ়িবলৈ আৰম্ভ কৰাৰ বাবে বিভাগীয় হাতীবিলাক বনশিবিৰৰ পৰা বাহিৰলৈ উলিয়াই অনাৰ ব্যৱস্থা কৰিছে উদ্যান কৰ্তৃপক্ষই।অতিৰিক্তভাৱে আন বনাঞ্চলৰ পৰা বনকৰ্মীয়ে ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তব্যত যোগদানৰ বাবে ৰাওনা হৈছে বুলি জানিব পৰা গৈছে।বানৰ বাবে কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰা বন্যপ্ৰাণীৰ নিৰাপত্তাৰ বাবে ৰাষ্ট্ৰীয় পথটোত প্ৰশাসনে ইতিমধ্যে ১৪৪ ধাৰা জাৰি কৰাৰ লগতে বেৰিকেড বহুৱাইছে  বুলিও জনা গৈছে।

Kaziranga Flood

কৰ্তৃপক্ষই জনোৱা মতে বানৰ কবলত পৰি ১৪ টা বন্যপ্ৰাণী মৃত্যুমুখত পৰে।ইফালে, মঙলবাৰে বিয়লি ভাগত বানৰ কৱলৰ পৰা প্ৰাণ ৰক্ষা কৰিবৰ  বাবে নিৰাপদ স্থানলৈ উঠি অহা এটা পহু জখলাবন্ধা টাউনৰ মাজমজিয়াত চলন্ত গাড়ীৰ আগত পৰি মৃত্যু হয়।
    
 

Your Comments