'লকডাউন' সফল কৰাৰ বাবে দ্বিতীয় দিনাও সঁহাৰি জনালে গুৱাহাটীৰ জনতাই

Guwahati Lockdown

গুৱাহাটীত 'লকডাউন'ৰ দ্বিতীয় দিনটোত জনতাৰ পূৰ্ণ সমৰ্থন।লকডাউনৰ প্ৰতি            সমৰ্থন জনাই মহানগৰী জনতা আৱদ্ধ হৈ আছে ঘৰতে।জৰুৰীকালীন সেৱা,চিকিৎসক-চিকিৎসাকর্মী,বেংক কৰ্মচাৰী,আৰক্ষী-প্ৰশাসন,সংবাদকর্মীৰ বাহিৰে কোনো লোক ওলাই অহা নাই ৰাজপথলৈ।

পুৱাৰে পৰা আৰক্ষীয়ে অনুজ্ঞাপত্ৰ নথকা কোনো লোক ওলাই অহা নাই বুলি জানিবলৈ দিছে।মহানগৰীৰ জনতাৰ সহাঁৰিক ধন্যবাদ জনাইছে কৰ্তব্যৰত আৰক্ষীয়ে।

'পূৰ্বতকৈ অধিক সজাগ হৈছে গুৱাহাটীৰ জনতা।পূৰ্বৰ লকডাউনৰ দৰে বিনা কাৰণত ওলাই অহা নাই জনতা'-এই মন্তব্য গুৱাহাটী ক্লাবত কৰ্তব্যৰত লতাশিল আৰক্ষী থানাৰ  আৰক্ষীৰ।জনতাৰ এই সঁহাৰিৰ জড়িয়তে নিশ্চয় পৰাস্ত কৰিব পৰা যাব ক'ৰ'না ভাইৰাছক।সকলো লোকে ঘৰতে থাকি কঠোৰ লকডাউন সফল কৰি তোলক-আহ্বান আৰক্ষীৰ।

উল্লেখ যে ১৪ দিনৰ বাবে ঘোষণা কৰা লকডাউন ১২ জুলাইত অন্ত পৰিব।

Your Comments