ভাইৰাছ ক'ৰ'নাই কোবাই যোৱা চীনলৈ ভাৰতৰ সহায়ৰ প্ৰস্তাৱ

চীনত ক'ৰ'না ভাইৰাছে সৃষ্টি কৰা ৰোগে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে।বৰ্তমানলৈ দেশখনত ৮১১ গৰাকী লোকৰ মৃত্যু হৈছে আৰু ৩৭,০০০ গৰাকীতকৈ অধিক লোক আক্ৰান্ত হৈছে।চীন এইদৰে সংকটৰ গৰাহত পৰাৰ সময়ত এখন চুবুৰীয়া দেশ হিচাপে ভাৰতে দেশখনলৈ সহায়ৰ প্ৰস্তাৱ আগবঢ়াইছে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙলৈ পত্ৰ লিখি  ভাৰতৰ তৰফৰ পৰা সহায়ৰ প্ৰস্তাৱ আগবঢ়াইছে।লগতে,চীনত এনেদৰে নাগৰিকৰ প্ৰাণহানি হোৱাত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোডীয়ে।ইফালে, চীনৰে হুৱেই প্ৰদেশৰ পৰা ভাৰতীয় নাগৰিকসকলক ভাৰতলৈ উভতাই পঠোৱাৰ ক্ষেত্ৰত চীন চৰকাৰে পালন কৰা তৎপৰ ভূমিকাৰ শলাগ লৈছে মোডীয়ে।

Your Comments