কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ বিশেষ আদালতত সোমবাৰে চিআইডিয়ে পুনৰ হাজিৰ কৰায় বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক শৃংখল চলিহাক।আদালতলৈ লৈ অহা সময়ত সংগ্ৰামী নেতাগৰাকীয়ে চৰকাৰক প্ৰত্যাহ্বান জনাই কয় -'বীৰ লাচিত সেনাৰ আমি সৈনিক হয়।আহ্বান নজনাও প্ৰত্যাহ্বান জনাইছোঁ ২০২১লৈ।'২০২১ত বিজেপিয়ে প্ৰত্যুত্তৰ পাব বুলি উল্লেখ কৰি তেওঁ আৰু কয়- '২০২১ত নতুন আঞ্চলিক শক্তিৰ উত্থান হ'ব আৰু উচিত প্ৰত্যুত্তৰ দি বিজেপি চৰকাৰক ওফৰাই পঠিওৱা হব।এই আঞ্চলিক শক্তিৰ নেতৃত্ব অসমৰ জনগণে ল'ব বুলিও কৈ যায় বীৰ লাচিত সেনা নেতাগৰাকীয়ে। 'প্ৰথম কথা অসম নামৰ মা-জনীৰ লগত ন' কম্প্রমাইজ।জাতি কেতিয়াও শেষ হ'বলৈ নিদিওঁ-শৃংখলে কয়। আনহাতে,চিআইডিৰ জিম্মাত থকা নেতাগৰাকীক সোমবাৰে আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখ্য যে 'কা' বিৰোধী আন্দোলনত অংশ গ্ৰহণ কৰি ঘূৰি অহাৰ পথত যোৱা ২৩ ডিচেম্বৰত ডিব্ৰুগড়ত গ্ৰেপ্তাৰ কৰা হৈছিল শৃংখল চলিহাক।তাৰ পিছৰে পৰা কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ চিআইডিৰ জিম্মাত তেওঁ আছে।
- Log in to post comments
- 31 views