নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' বাতিলৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত আছে।দেওবাৰে গুৱাহাটীৰ শিল্পী সমাজে ঐতিহাসিক লতাশিল খেলপথাৰত গীত, কথা আৰু কবিতাৰে সাব্যস্ত কৰে প্ৰতিবাদ।প্ৰায় দুই শতাধিক শিল্পীয়ে অংশগ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীলৈ সমৰ্থন জনাই উপস্থিত থাকে আছু নেতৃত্ব।
সকলোৱে উল্লেখ কৰে 'কা' বাতিল কৰক অন্যথা দীঘলীয়া হ'ব সংগ্রাম।
কাৰ্যসূচীত উপস্থিত থাকে ৰাজ্যখনৰ বহুতো বিশিষ্ট শিল্পী। জে পি দাস, মনীষা হাজৰিকা, শান্তা উজীৰ, মালবিকা বৰা,গীতিকাৰ অপৰ্ণা বুজৰবৰুৱা, পদ্মশ্ৰী এলি আহমেদ, কীৰ্তি কমল ভূঞা, দিলীপ হাজৰিকা প্ৰমুখ্যে বহুসংখ্যক শিল্পী উপস্থিত থাকে।
- Log in to post comments
- 15 views