সংশোধিত নাগৰিকত্ব আইন বাতিলৰ দাবীৰে শুকুৰবাৰে প্ৰতিবাদ সাব্যস্ত কৰিলে অসম অৱসৰপ্ৰাপ্ত কলেজ শিক্ষক সন্থা আৰু কটন কলেজ অৱসৰপ্ৰাপ্ত শিক্ষক চ'ৰা, গুৱাহাটীয়ে।মহানগৰীৰ লতাশিল খেলপথাৰত শতাধিক শিক্ষকে অৱস্থান ধৰ্মঘট কার্যসূচীৰে চৰকাৰলৈ আহ্বান জনালে-'শ্বহীদৰ আত্মাৰ কান্দোন শুনক, জাতিদ্রোহ বন্ধ কৰক।'জাতিৰ সন্ধিক্ষণত সদৌ অসম কলেজ শিক্ষক সন্থাই সুবিধাবাদী চৰিত্ৰ গ্ৰহণ কৰাৰ কাৰ্যক তীক্ষ্ণ ভাষাৰে গৰিহণা জনাই মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষকসকলে। আনহাতে 'কা' বিৰোধী সংগ্রামখন বৰ্তমান সময়লৈকে যি দিশত আগবাঢ়ি গৈছে,তাৰ বাবে অসমৰ সংগ্রামী জনতাক ধন্যবাদ জনাই ললিত চন্দ্ৰ ভৰালী কলেজৰ প্ৰাক্তন অধ্যক্ষ গঙ্গাপদ চৌধুৰীয়ে কয়-'সংগ্রামৰ নেতৃত্ব পূৰঠ হৈছে,সফল হ'মেই।শিক্ষকসকলে লেখা-মেলাৰে আগবাঢ়িব লাগিব এই সংগ্রামত।' সদৌ অসম কলেজ শিক্ষক সন্থাৰ প্ৰাক্তন সভাপতি ৰমণী বৰ্মণে কয়-'কাই ভাৰতীয় সংবিধানৰ আত্মাস্বৰূপ ধৰ্মনিৰপেক্ষতাৰ চৰিত্ৰক ধ্বংস কৰিব।অসম চুক্তিৰ মূল আত্মাকো শেষ কৰি পেলাব।সাম্প্ৰদায়িক ভিত্তিত সমাজৰ বিভিন্ন স্তৰত অশান্তিৰ সৃষ্টি কৰা এয়া এটা ষড়যন্ত্ৰ।' নলবাৰী কলেজৰ ৮৩ বছৰীয়া অৱসৰপ্ৰাপ্ত শিক্ষক চক্ৰেশ্বৰ তালুকদাৰে কয়-'জনজাগৰণত পৰিণত হৈছে সংগ্রামখন।এই জাগৰণে শক্তি বৃদ্ধি কৰিব আন্দোলনৰ।ফলত লক্ষ্য-উদ্দেশ্যত উপনীত হ'বলৈ সক্ষম হ'ম।' কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ উদয়াদিত্য ভৰালীয়ে কাৰ্যসূচীত উপস্থিত থাকি কয়- 'বিজেপিয়ে পাহৰি গৈছে নিজৰ জন্মৰ কথা।যি আজি সংবিধান ধ্বংস কৰিবলৈ ওলাইছে,সিহঁত জাতিপ্ৰেমী আৰু যি ৰক্ষা কৰিবলৈ বিচাৰিছে সিহঁত এতিয়া ৰাষ্ট্ৰদ্রোহী হৈছে।' আনহাতে শিক্ষক সকলৰ এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি 'আছু'ৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে কয়-'অসম শিক্ষক সন্থাই আজি সুবিধাজনক স্থিতি গ্ৰহণ কৰিছে।যিদিনা শিক্ষাগুৰুসকলে সংগ্রামৰ অভিভাৱকৰ দায়িত্ব পালন কৰিব,সেই দিনাই পূৰ্ণতা পাব আন্দোলনখনে।যিসকলে এদিন অসম চুক্তিক মোনাত ভৰাই ডিঙিত ওলমাই লৈ গীতা,বাইবেল,কোৰাণ বুলি কৈছিল,সেইসকলে এতিয়া ক্ষমতাৰ স্বাৰ্থত জাতিক নিঃশেষ কৰা যজ্ঞত জড়িত হৈছে।ইতিমধ্যে 'কা' সংগ্রামখনৰ বিৰুদ্ধে চলা অপপ্ৰচাৰসমূহৰ বিৰুদ্ধে হাতত কলম তুলি লৈ শিক্ষকসকলে প্ৰত্যুত্তৰ দিব লাগে বুলি আহ্বান জনায়।' ইয়াৰ উপৰিও 'আছু'ৰ সভাপতি দীপাংক নাথ আৰু মুখ্য উপদেষ্টা ড:সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য,অসম সাহিত্য সভাৰ সাধাৰণ সম্পাদক পদুম ৰাজখোৱা, দয়ানন্দ পাঠকৰ দৰে ব্যক্তিসকল উপস্থিত থাকে।
- Log in to post comments
- 11 views