বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক শৃংখল চলিহাৰ ঘৰত বৃহস্পতিবাৰে পুৱাই চিআইডিয়ে অভিযান চলায়।পুৱা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত বীৰ লাচিত সেনাৰ শিৱসাগৰ নগৰৰ ফুকন নগৰস্থিত বাসগৃহত অভিযান চলাই চিআইডিৰ এটা দলে। অভিযানকাৰী চিআইডি দলটোৱে শৃংখলৰ মাতৃৰ মোবাইল ফোন জব্দ কৰাৰ লগতে ৰোগীয়া পিতৃক অভিযানৰ সময়ত ঘৰৰ বাহিৰত উলিয়াই ৰাখে।
উল্লেখ্য যে যোৱা ২৩ ডিচেম্বৰত বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে ডিব্ৰুগড়ত 'কা' বিৰোধী এখন সভাত অংশগ্ৰহণ কৰি ঘৰলৈ উভতাৰ পথত গ্ৰেপ্তাৰ কৰিছিল চিআইডিয়ে।তাৰ পিছতে পোনে পোনে শৃংখলক লৈ অহা হয় গুৱাহাটীলৈ।গুৱাহাটীত চিআইডিয়ে যোৱা ২৪ ডিচেম্বৰত তেওঁক হাজিৰ কৰে আদালতত।আদালতে গ্ৰেপ্তাৰ হোৱা লাচিত সেনাৰ নেতাগৰাকীক দুটা দিনৰ বাবে চিআইডিৰ জিম্মাত দিয়ে।ইফালে,চিআইডিৰ দুটা দিনৰ ম্যাদৰ বৃহস্পতিবাৰে অন্ত পৰিছে।পুনৰ বৃহস্পতিবাৰে আদলতত হাজিৰ কৰিব লাগিব বীৰ লাচিত সেনাৰ নেতাগৰাকীক।
- Log in to post comments
- 17 views