'জাতিধ্বংসী সংশোধিত নাগৰিকত্ব আইন- ২০১৯' বাতিলৰ দাবীত ঐতিহাসিক লতাশিল খেলপথাৰত ৰং- তুলিকা-কবিতাৰে প্ৰতিবাদ সাব্যস্ত কৰা হয়।সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আৰু গুৱাহাটী আৰ্টিষ্ট গীল্ড,অসম চাৰু-কাৰো কলা পৰিষদৰ সহযোগত বুধবাৰৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে তিনি শতাধিকৰো অধিক চিত্ৰ-ভাস্কৰ্য শিল্পীৰ লগতে অৰ্ধশতাধিক কবি-আবৃত্তিকাৰে।সমগ্ৰ লতাশিল খেলপথাৰ আৱৰি চিত্ৰ আৰু ভাস্কৰ্য শিল্পীসকলে উকা কেনভাছত 'কা'ৰ ছবি অংকন কৰে।
অসুখীয়া দেহাৰে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি জ্যেষ্ঠ চিত্ৰ শিল্পী পুলক গগৈয়ে কয়-'এয়া ছবি নহয়,এয়া হৈছে ৱাৰনিং।অসমীয়াই বশ্যতা কেতিয়াও স্বীকাৰ কৰা নাছিল আৰু কেতিয়াও নকৰে নকৰে নকৰে।'
অন্য এগৰাকীৰ জ্যেষ্ঠ চিত্ৰশিল্পী ননী বৰপূজাৰীয়ে কয়-'ছবি হৈছে প্ৰতিবাদৰ আন এটা শক্তিশালী মাধ্যম।সামাজিক আৰু অৰ্থনৈতিক বিপ্লৱৰ জৰিয়তে আমি শক্তিশালী হ'ব লাগিব।'
ভাস্কৰ্য শিল্পী বীৰেন সিংহই কয়-'শিল্পীৰ মনৰ ভিতৰত থকা যন্ত্ৰণা-ক্ষোভসমূহ কামৰ জৰিয়তে আজি প্ৰকাশ কৰা হৈছে।এয়া হয়তো সমগ্ৰ ভাৰতবর্ষত প্ৰথম হ'ব অংকনৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰা।'
সমগ্ৰ কাৰ্যসূচীটোৰ মূল গুৰি ধৰোতা সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে কয়-'ৰং-তুলিকাৰ লগত জড়িত চিত্ৰশিল্পী আৰু ভাস্কৰ্য শিল্পীৰ প্ৰতিবাদ পূৰ্বতে কেৱল ইউৰোপৰ নৱ-জাগৰণৰ সময়ত দেখা পোৱা গৈছিল।শিল্পীসকলে যে এটা শক্তিশালী গণ অভ্যুত্থান যে কৰিব পাৰে,সেই কথা প্ৰতিফলিত কৰিছে।'
ইয়াৰ উপৰিও প্ৰতিবাদী কাৰ্যসূচীত কবিতা আবৃত্তি কৰে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ পুত্ৰ পৃথ্বিৰাজ ৰাভা,শংকৰ শইকীয়া,প্ৰণৱ কুমাৰ বৰ্মন,অনুপজ্যোতি চৌধুৰী,ডঃ ভাস্কৰ জ্যোতি বৰা,অংকুৰ ৰঞ্জন ফুকন আদি কবিসকলে।
- Log in to post comments
- 52 views