কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত ১২ ঘন্টীয়া অসম বন্ধৰ আহ্বান

কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত অহা ২৭ ডিচেম্বৰত আহ্বান জনোৱা হৈছে ১২ ঘন্টীয়া অসম বন্ধৰ।কৃষক শ্ৰমিক উন্নয়ন পৰিষদে উক্ত দিনটোত পুৱা পাঁচ বজাৰ পৰা আহ্বান জনোৱা বন্ধৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাইছে অসম জাতীয়তাবাদী যুৱ পৰিষদকে আদি কৰি মুঠ ৬টা সংগঠনে। উল্লেখ্য যে বন্ধৰ সময়ছোৱাত জৰুৰীকালীন সেৱাসমূহ আৰু পৰীক্ষাক সম্পূৰ্ণভাৱে ৰেহাই দিয়া বুলি উল্লেখ কৰিছে সংগঠনটোৱে।একেদৰে শান্তিপূৰ্ণ আৰু সম্পূৰ্ণ গণতান্ত্ৰিক বন্ধ পালন কৰিবলৈ সংগঠনটোৱে ৰাজ্যবাসীক আহ্বান জনাইছে। গুৰুত্বপূৰ্ণ কথা এই যে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ 'নিয়া'ই যোৱা ১৬ ডিচেম্বৰ তাৰিখে গ্ৰেপ্তাৰ কৰাৰ পিছত ১০ দিনৰ বাবে ন্যায়ালয়ে কৃষক নেতাগৰাকীক নিয়াৰ জিম্মাত প্ৰদান কৰিছে।বৰ্তমান দিল্লীত নিয়াৰ জিম্মাত ৰখা হৈছে অখিল গগৈক।

Your Comments