নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' বাতিলৰ দাবীৰে সোমবাৰে প্রতিবাদ সাব্যস্ত কৰিলে নাগৰিক সমাজে।সমগ্ৰ ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০টাকৈ জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত নাগৰিকৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী গুৱাহাটীৰ ঐতিহাসিক লতাশিল খেলপথাৰত গ্ৰহণ কৰা হয়।দিনৰ ১১ বজাৰ পৰা গ্ৰহণ কৰা নাগৰিকৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত উপস্থিত থাকে মহানগৰীৰ নাগৰিক সমাজ।প্ৰায় পাঁচ শতাধিকতকৈ অধিক নাগৰিকে অংশগ্ৰহণ কৰা কাৰ্যসূচীত উপস্থিত থাকি শিক্ষাবিদ দেৱেন দত্তই কয়-'প্ৰতাৰক আৰু মিছলীয়া ৰাজনীতিকৰ
পৰিচয় আজি স্পষ্ট হৈছে।দেশদ্রোহী ৰাজনৈতিক নেতাসকলে দেশৰ প্ৰজাসকলক গছকি-খচকি মাৰিবৰ কাৰণে,লগতে নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে 'কা'ৰ দৰে আইনক সমৰ্থন কৰিছে।তেওঁলোকে জানে যে নিজৰ মানুহখিনিৰ ওপৰত আৰু তিষ্ঠি থাকিব নোৱাৰে,সেই বাবে বেলেগ দেশৰ মানুহ আনি তেওঁলোকৰ ভোটৰ জৰিয়তে দেশ শাসন কৰিবলৈ বিচাৰিছে।'
কেবিনেট বৈঠক পাতি শেহতীয়াকৈ যিবোৰ প্ৰতিশ্ৰুতি দিছে,সেই প্ৰতিশ্ৰুতিসমূহ সকলোৱে দিব পাৰে বুলি উল্লেখ কৰি দত্তই কয়-'৫৯ বছৰৰ পূৰ্বে অসমৰ চৰকাৰী ভাষা অসমীয়া বুলি স্বীকৃতি দি থৈছে।আকৌ অসমীয়াক তেওঁলোকে স্বীকৃতি দিব-কেনেকুৱা অদ্ভূত কথা।অসমীয়া মানুহক চৰকাৰে বুৰ্বক বুলি ভাবিছে নেকি?চৰকাৰে অসমীয়া ভাষাক ৰাজ্য ভাষা হিচাপে ব্যৱহাৰ কৰা নাই।'
'পূৰ্বতে বুজি পোৱা নাছিলো 'কা' কি।কিন্তু এতিয়া বুজি পাইছোঁ,সেই বাবে ওলাই আহিছোঁ।বিদেশীৰ বোজা আমাৰ ওপৰত জাপি দিব,সেয়া কেতিয়াও হ'ব নোৱাৰে'- এই মন্তব্য কাহিলীপাৰাৰ ৰুণু গোস্বামীৰ।১৯৪২ৰ পৰা আন্দোলন দেখি আহিছোঁ।"অসম আন্দোলনত এটা মোৰ ভাই হেৰুৱাইছো।সৰ্বা-হিমন্তলৈ এগৰাকী মাতৃ হিচাপে মোৰ কাতৰ অনুৰোধ।ইতিমধ্যে পাঁচগৰাকী মাতৃৰ বুকুৰ উদং হৈছে আৰু যাতে উদং নহয়, সেই কথা গুৰুত্ব বুজি এই মুহূৰ্তৰ পৰা 'কা' বাতিল কৰিব লাগে"-গোস্বামীয়ে কয়।
আনহাতে,কাৰ্বি আংলঙৰ ডকমকাত দুৰ্বৃত্তৰ আক্ৰমণত প্ৰাণ হেৰোৱা নিলোৎপলৰ পিতৃ বাণেশ্বৰ খাউণ্ডে কাৰ্যসূচীত উপস্থিত থাকি কয়-'মোৰ নিজৰ সমস্যা আছে।ন্যায়পালিকাৰ দুৱাৰে-দুৱাৰে আজি মই ঘূৰি ফুৰিছোঁ।চলি থকা মোকৰ্দমা কেতিয়া শেষ হ'ব,তাৰ কোনো ঠিক নাই।তথাপিও আজি মই আন্দোলনত অংশগ্ৰহণ কৰিছোঁ।কাৰণ জাতি প্ৰথম, তাৰ পিছতহে মই ব্যক্তি হ'ম।জাতি নাথাকিলে মই ব্যক্তি ক'ত থাকিম"।
অংশগ্ৰহণকাৰী নাগৰিকসকলক উদ্দেশ্য কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথে কয়-'সংগ্ৰাম দীঘলীয়া হ'ব।তাৰ বাবে নাগৰিক সমাজে আমাৰ অভিভাৱকৰ দায়িত্ব পালন কৰিব লাগিব।কিন্তু এচাম ৰং সলোৱা অৰ্থাৎ বঁটা-বাহনৰ আশাত চৰকাৰী ৰং লগোৱা মানুহে বাতৰি কাকতত বিজ্ঞাপন প্ৰকাশ কৰি সংগ্রাম সমাপ্ত কৰিবলৈ কৈছে।তেনে সময়ে-সময়ে চৰকাৰী ৰং সলাই থকাসকলৰ কথা শুনাত নাই।'
'এই সংগ্রাম চলি থাকিব লাগিব আৰু চৰকাৰক ঐক্যবদ্ধ হৈ ওফৰাব লাগিব।এইয়া আমাৰ প্ৰধান লক্ষ্য'-নাথে কয়।
'আছু'ৰ মুখ্য উপদেষ্টা ড: সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়-'অসম আন্দোলনৰ সময়ত চৰকাৰে গ্ৰহণ কৰা বিজ্ঞাপন সংস্কৃতি এতিয়া লৈছে বিজেপি চৰকাৰে।তাৰ অংশ হিচাপে কেইদিনমানৰ পূৰ্বে ২০ গৰাকী উপাচাৰ্য আৰু আজি ১৬ গৰাকী বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে চৰকাৰৰ হৈ নিজৰ স্বাক্ষৰ প্ৰকাশ কৰি দীঘলীয়া আন্দোলনত ৰহস্য থকা বুলি কৈছে।কিন্তু সেই ব্যক্তিসকলৰ প্ৰতিহে ৰহস্য আছে।সেইসকলক বাদ দি নাগৰিকসকল হ'ব আমাৰ অভিভাৱক।'
- Log in to post comments
- 16 views