'বিজেপিৰ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰথমৰ পৰা ৰাইজৰ পক্ষত থাকি বিৰোধিতা কৰি অহাৰ বাবে প্ৰত্যাহাৰ কৰা হৈছে এনএছজিৰ নিৰাপত্তা ব্যৱস্থা।ৰাজ্য চৰকাৰ তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী-গৃহবিভাগৰ দীর্ঘদিনীয়া প্ৰচেষ্টাৰ লগতে কেইদিনমানৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰাটোতো অগপ নেতৃত্বৰ আছিল নিৰাপত্তা প্ৰত্যাহাৰৰ অন্যতম উদ্দেশ্য'- এই বিস্ফোৰক অভিযোগ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ।শনিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ পৰা এনএছজি(Z+) নিৰাপত্তা ব্যৱস্থা হঠাৎ প্ৰত্যাহাৰ কৰিছিল।সেই বিষয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তই দেওবাৰে এখন সংবাদমেল সম্বোধন কৰি নিৰাপত্তা ব্যৱস্থা প্ৰত্যাহাৰৰ কাৰণ ব্যাখ্যা কৰি কয়- "কা' বিৰোধী প্ৰতিবাদৰ অংশ হিচাপে প্ৰত্যাহাৰ কৰা হৈছে মোৰ এনএছজি নিৰাপত্তা ব্যৱস্থা।অগপৰ ক্ষমতালোভী নেতৃত্বৰ দৰে বিজেপিয়ে 'কা' সমৰ্থন কৰিবলৈ বহু সময়ত প্ৰলোভন, মানসিক শাস্তি প্ৰয়োগ কৰি আহিছিল কিন্তু সেই প্ৰলোভনত কোনোদিনে সন্মতি দিয়া নাছিলোঁ আৰু কা বিৰোধিতা কৰি আহিছোঁ।তাৰে প্ৰতিশোধ হিচাপে প্ৰত্যাহাৰ কৰা হৈছে নিৰাপত্তা ব্যৱস্থা।'
কেন্দ্ৰৰ-ৰাজ্যৰ বিজেপি চৰকাৰক উদ্দেশ্য কৰি মহন্তই কয়-'কা সমৰ্থন কৰিবলৈ যিমানে হেঁচা প্ৰয়োগ নকৰক লাগে,প্ৰাক্তন মুখ্যমন্ত্ৰী হিচাপে পাই থকা চৰকাৰী সকলো সুবিধা কৰ্তন কৰিলেও স্থিতি সলনি কৰিব নোৱাৰে।'
'চৰকাৰী নিৰাপত্তাৰ প্ৰয়োজন নাই,অসম আন্দোলনৰ সময়ৰে পৰা অসমৰ ৰাইজে নিৰাপত্তা দি আহিছে আৰু দি থাকিব।কাৰণ জাতিক কেতিয়াও বিশ্বাঘাটকতা কৰা নাই আৰু নকৰো।অসমৰ ৰাইজতকৈ কোনেও অধিক নিৰাপত্তা প্ৰদান কৰিব নোৱাৰে'-মহন্তই কয়।
অসম আন্দোলনত জড়িত নথকাসকলে অসম আন্দোলনৰ গুৰুত্ব বুজি নাপাব বুলি উল্লেখ কৰি মহন্তই আৰু কয়- 'আৰম্ভণিৰে পৰা বিধেয়কৰ বিৰুদ্ধে দলৰ প্ৰতিখন সভাত মাত মাতি আহিছোঁ।তাৰ বাবে বহু সময়ত বৃন্দাবন গোস্বামী আৰু মোক দলৰ সভালৈ নমতা হ'ল আৰু কেতিয়াবা মাতিলেও কথা ক'বলৈ সুবিধা নিদিয়ে।'
ইফালে,কা বিৰোধী আন্দোলনৰ মাজতে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ ঘোষণাক মহন্তই প্ৰলোভনৰ ৰাজনীতি আখ্যা দিয়ে।লগতে তেওঁ কয় যে এই ঘোষণা জনসাধাৰণৰ উন্নয়নৰ ৰাজনীতি নহয়।
ইফালে,আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই নিজৰ গুৰুত্ব বঢ়াবলৈ হাবিত থাকি শক্তি প্রদর্শন কৰি মাজে মাজে মহন্তক আক্ৰমণ কৰি থকা বুলি উল্লেখ কৰে।
এনএছজি নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনাৰ বৈঠক নিয়ম অনুসৰি ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব লাগে।কিন্তু ডিচেম্বৰ মাহত হঠাৎ এনে সিদ্ধান্ত গ্ৰহণ কৰাত সন্দেহৰ অৱকাশ থকা বুলি উল্লেখ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।
- Log in to post comments
- 4 views