জাতিধ্বংসী 'নাগৰিকত্ব সংশোধনী আইন- ২০১৯' বাতিলৰ দাবীৰে কটনিয়ানৰ প্ৰতিবাদ অব্যাহত আছে।শনিবাৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে ঐতিহাসিক বিশ্ববিদ্যালয়খনৰ মূল প্ৰৱেশদ্বাৰত মুখত ক'লা কাপোৰ বান্ধি মৌন অৱস্থান প্ৰতিবাদ সাব্যস্ত কৰে।
পূৰ্বতেই অধ্যয়ন আৰু পাঠগ্ৰহণ বাধাগ্রস্ত নকৰাকৈ আন্দোলন চলাই নিয়াৰ কথা ঘোষণা কৰা কটনিয়ানে 'কা' বাতিলৰ দাবীত 'SATURDAY AGAINST CAA' শীর্ষক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে।লগতে ছাত্ৰ সমাজৰ পাঠদান ব্যাহত নোহোৱাকৈ এতিয়াৰেপৰা প্ৰতি শনিবাৰে ৰাজ্যৰ প্ৰতিখন বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ শিক্ষাৰ্থীক
প্ৰতিবাদ কাৰ্যসূচী সজোৰে চলাই নিবলৈ আহ্বান জনায় কটনিয়ানে।
আনহাতে,আইন-শৃংখলাৰ অজুহাতত চলা পুলিচৰ অত্যাচাৰ আৰু হত্যালীলাক তীব্ৰ ভাষাৰে ধিক্কাৰ দি কটনিয়ানে কয় যে নিৰীহৰ হত্যাৰ উচিত তদন্ত কৰি দোষীক কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰাৰ লগতে শ্বহীদ আৰু নিৰ্যাতিতসকলৰ পৰিয়ালক চৰকাৰী সংস্থাপন আৰু ক্ষতিপূৰণ দিবলৈ দাবী জনায়।
ইয়াৰ সমান্তৰালকৈ 'কা' বিৰোধী আন্দোলনৰ প্ৰতিগৰাকী কাৰাবন্দী প্ৰতিবাদকাৰীক অতি সোনকালে মুকলি কৰি দিয়াৰ দাবী উত্থাপন কৰে।
- Log in to post comments
- 31 views