'কা' বাতিলৰ দাবীত সদৌ অসম উকীল সন্থাৰ ৰাজভৱন চল' কাৰ্যসূচী ৰূপায়ণ

Pic

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত সদৌ অসম উকীল সন্থাই ৰূপায়ণ কৰে ৰাজভৱন চল' কাৰ্যসূচী।শুকুৰবাৰে গুৱাহাটীৰ ঐতিহাসিক লতাশিল খেলপথাৰৰ পৰা সহস্ৰাধিক অধিবক্তাই সমদল উলিয়াই 'কা' বাতিল কৰক,সংবিধান বিৰোধী এই আইন আমি নামানো, সৰ্বানন্দ সোণোৱাল হায় হায়,বিজেপি গ' বেক ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে। উল্লেখ্য যে উক্ত প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে অধিবক্তা অৰূপ বৰবৰা, কমল নয়ন চৌধুৰী প্ৰমুখ্যে বহু জ্যেষ্ঠ অধিবক্তাই। প্ৰতিবাদত অন্তত ১১জনীয়া এটা অধিবক্তাৰ দলে ৰাজ্যপালক সাক্ষাৎ কৰি দেশৰ ৰাষ্ট্ৰপতিলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰে।

Your Comments