জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতাৰে কটনৰ পিছত এইবাৰ ৰাজপথলৈ ওলাল প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজ।সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০টা জনগোষ্ঠীয় সংগঠনৰ আহ্বানত জাতিধ্বংসী কেব বাতিলৰ দাবীত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ 'আছু' গোটৰ উদ্যোগত মঙলবাৰে ছাত্ৰ-ছাত্ৰীসকলে মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখত প্ৰতিবাদী আৰু গণ স্বাক্ষৰ অভিযানৰ কাৰ্যসূচী গ্ৰহণ কৰে।প্ৰতিবাদী ছাত্ৰসকলে তেজ দিম জাতি নেৰো,কেব অসাংবিধানিক খিলঞ্জীয়া বিৰোধী কেব মানি নলও,নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, অসম চুক্তি ৰূপায়ণ কৰক,বাংলাদেশী ৰক্ষক কেব মানি নলও,অসম চৰকাৰ হায় হায় শ্লোগানৰ হাতে-হাতে প্লে'কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে ছাত্ৰ-ছাত্ৰীসকলে স্নাতক বিভিন্ন ষান্মাষিকৰ পৰীক্ষা চলি থকাৰ সময়তে দুঘন্টাৰ বাবে এইদৰে সাব্যস্ত কৰে প্ৰতিবাদী কার্যসূচী। উল্লেখ যে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰী সকলৰ স্পষ্ট কথা ভাষাত কেব বিৰোধিতা কৰি মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰে। জাতীয়তাবাদী শিবিৰৰ পৰা গৈ মুখ্যমন্ত্ৰী হোৱা সৰ্বানন্দ সোনোৱালে কেবক লৈ গ্ৰহণ কৰা মৌন স্থিতি ভংগ কৰক।জাতিৰ পক্ষত থিয় দিয়ক।অন্যথা সমগ্ৰ অসমৰ ছাত্ৰ সমাজে গঢ়ি তুলিব এক ভয়ংকৰ পৰিস্থিতি।
- Log in to post comments
- 11 views