কংগ্ৰেছ চৰকাৰৰ দিনত পিয়াঁজৰ দাম বাঢ়িলে প্ৰতিবাদ কৰা প্ৰশান্ত ফুকনে এতিয়া পিয়াঁজৰ দাম বৃদ্ধি পালে প্ৰতিবাদ নকৰে,কিন্তু কিয়?

Pic

কংগ্ৰেছ চৰকাৰৰ দিনত পিয়াঁজৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে পিয়াঁজৰ মালা পিন্ধি প্ৰতিবাদ কৰা বিজেপিৰ ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ বিস্ফোৰক মন্তব্য।পিয়াঁজৰ মূল্যবৃদ্ধি প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিধয়াক ফুকনে কয়-'মই জুলীয়া বস্তু,যিহতে থোৱা যায়,তাৰে আকাৰ লওঁ।পূৰ্বতে মই বিৰোধী দলত আছিলোঁ,সেইবাবে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিলোঁ।এতিয়া মই চৰকাৰত আছোঁ, পিয়াঁজৰ মূল্যবৃদ্ধি বিৰুদ্ধে কিয় প্ৰতিবাদ কৰিম।' "এতিয়া নতুন পিয়াঁজ ওলোৱা আৰম্ভ কৰিছে।নাচিকত ইতিমধ্যে ওলাইছে আৰু এতিয়া ইয়াৰ দাম কমিব'-ফুকনে কয়। লগতে সাংবাদিকসকলে কোৱাৰ দৰে পিয়াঁজৰ মূল্যবৃদ্ধি হোৱা নাই বুলি উল্লেখ কৰি ফুকনে সাংবাদিকক পিয়াঁজৰ দাম মহানগৰীৰ ফাঁচীবজাৰত সুধি নাচায় কিয় বুলিও প্ৰশ্নহে কৰে।তেওঁ কয় ফাঁচীবজাৰত এতিয়া পিয়াঁজৰ মূল্য ৬৫ টকা চলি আছে।কিন্তু তাৰ পৰা অন্য স্থানত ৭০-৭৫ টকা হৈছে গাড়ী ভাড়াৰ বাবে।

Your Comments