নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰে মহানগৰীত বিশাল গণ বিক্ষোভ সমদল উলিয়াই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ-পৰিষদযুৱে। মহানগৰীৰ গুৱাহাটী ক্লাবৰ লক্ষ্মীনাথ বেজবৰুৱা গোল চকৰ পৰা কেব বাতিলৰ দাবীত যুৱ ছাত্ৰ পৰিষদৰ পাঁচ শতাধিকতকৈ অধিক সদস্য অংশগ্ৰহণেৰে ঐতিহাসিক লতাশিল খেলপথাৰৰ সন্মুখলৈ বাহিৰ কৰা হয় বিশাল গণ বিক্ষোভ সমদল। সমদলত অংশগ্ৰহণ কৰি যুৱ-ছাত্ৰ পৰিষদৰ সদস্যসকলে জাতিধ্বংসী কেব বাতিল কৰক, বিজেপি চৰকাৰ হুচিয়াৰ সৰ্বানন্দ সোনোৱাল গ' বেক, অগপই 'কেব'ৰ বিৰুদ্ধে বিজেপি সংগ ত্যাগ কৰক আদি শ্লোগানেৰে সমগ্ৰ ৰাজপথ উত্তাল কৰি তোলে। ইফালে সমদলৰ পূৰ্বে আন্দোলনকাৰী সকলে লক্ষ্মীনাথ বেজবৰুৱা গোল চ'কত সমবেত হৈ কেন্দ্ৰৰ বিজেপি আৰু ৰাজ্য সোণোৱাল চৰকাৰক সমালোচনাৰে থকা-সৰকা কৰে।কাৰ্যসূচীত উপস্থিত থাকি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক অদীপ কুমাৰ ফুকনে আজি এই আৱাজ দিছপুৰ হৈ দিল্লী পাব বুলি উদ্ধৃতি দি কয় 'ইমানৰ পিছতো যদি দিল্লীয়ে অন্যায়ভাৱে ৰাজ্যসভা আৰু লোকসভাত 'কেব' উত্থাপন কৰে,তেন্তে অসমত প্ৰৱল বিদ্ৰোহ হ'ব।সেই শক্তিশালী বিদ্ৰোহত ৰাজ্যৰ সৰ্বানন্দ সোণোৱাল চৰকাৰ আৰু কেন্দ্ৰৰ মোডী চৰকাৰ তথা বিজেপি দলে জুইত ছগা পৰা দি পৰিব লাগিব।কাৰণ অতীতৰ পৰা অসম আৰু অসমীয়া মানুহ বিভিন্ন সময়ত এনেকুৱা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে,তেতিয়া কিন্তু অসমৰ মানুহে কাকো ক্ষমা কৰা নাই"।লগতে বিজেপি দলে কেৱল মাত্ৰ ৰাজনৈতিক স্বাৰ্থত অসমীয়া ভাষাক সংকটত পেলাই অসমীয়া ভাষা-সংস্কৃতিৰ ইতিহাসৰ শিপাডাল উভালিবলৈ বিচৰা বুলি উল্লেখ কৰি ফুকনে কয়- 'বাংলাদেশৰ হিন্দুক অসমত নাগৰিকত্ব দিবলৈ বিচৰা বিজেপি দলৰ ষড়যন্ত্ৰক দুৰ্ভাগ্যজনকভাৱে সফল কৰি তোলাৰ বাবে ৰাজ্যৰ সৰ্বানন্দ সোণোৱাল চৰকাৰ আৰু অতুল বৰাৰ নেতৃত্বত অগপ দলে সন্মতি দিছে।যিটো নেকি অসমৰ জনগণৰ বাবে লজ্জাজনক কথা। সেই প্ৰসঙ্গতে আৰু কয় সৰ্বানন্দ সোণোৱাল আৰু অতুল বৰাই আজি লাজ নাপাব পাৰে,কিন্তু অসমীয়া হিচাপে আমি লজ্জিত। কাৰণ দিল্লীৰ ওচৰত আঁঠু লোৱাতকৈ তোমালোকে আঁঠু লোৱা অসমবাসীৰ ওচৰত।তেতিয়া অসমবাসীয়ে তোমালোকক কান্ধত লৈ ফুৰিব।অন্যথা দিল্লীৰ ওচৰত আঁঠু লোৱা মানুহক অসমৰ জনগণে মাটিৰ লগত মিলাই দিব।' ইফালে শিৱাজী মাৰাঠাসকলে মহাৰাষ্ট্ৰত বিজেপিক উৎখাত কৰা প্ৰসংগক সমৰ্থন কৰি ফুকনে কয়-'শিৱাজীৰ দেশৰ মাৰঠাসকলৰ দৰে লাচিত আৰু চিলাৰায়ৰ দেশৰ সন্তানসকলে দেখাই দিব অসমৰ বিৰুদ্ধে অৱস্থান ল'লে বিজেপি দল-চৰকাৰ লগতে আমাৰ শত্ৰু বিলাকৰ কেনে অৱস্থা হয়। জাতিৰ স্বাৰ্থত বুকু পাতি দিবলৈ যুৱ-ছাত্ৰ পৰিষদৰ ল'ৰা সদায় আগত,কাকো আপোচ নকৰে।' আনহাতে কাৰ্যসূচীত উপস্থিত থাকি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ-পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে কয় জাতিৰ পৰিপন্থী 'কেব' কেতিয়াও মানি লোৱা নহব।ত্ৰিপুৰা আৰু অসমৰ মুখ্যমন্ত্ৰী বাহিৰে উত্তৰ-পূৰ্বাঞ্চল প্ৰতিজন মুখ্যমন্ত্ৰীয়ে কেবৰ বিৰুদ্ধে জাতিৰ পক্ষত থিয় দিছে।কাৰণ কেব সংবিধান বিৰোধী এখন বিধেয়ক।যিয়ে সংবিধানক সন্মান আৰু ভাল পায় সি কেতিয়াও কেব সমৰ্থন নকৰে।'
- Log in to post comments
- 13 views