'অসম আন্দোলনৰ নেতাই গাদী ৰক্ষাৰ স্বাৰ্থত দিল্লীৰ ওচৰত কঁকাল পেলাই আঁঠু কঢ়াটো অসমীয়াৰ বাবে দুৰ্ভাগ্য'-অজিত কুমাৰ ভূঞা

Pic

কেন্দ্ৰীয় চৰকাৰৰ বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিবলৈ ৰাইজলৈ মুকলি আহ্বান জনালে অসম নাগৰিক সমাজে।সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত 'কেব'ৰ বিৰুদ্ধে এখন সংবাদ মেল সম্বোধন অসম নাগৰিক সমাজৰ সভাপতি তথা প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান হৰেকৃষ্ণ ডেকাই ৰাইজক আহ্বান জনায় কয়-'আহক,ঐক্যবদ্ধভাৱে আমি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰোঁ।কাৰণ,এই কেব গৃহীত হলে অসমীয়াৰ  সৰ্বনাশ হ'ব'।ডেকাই কেবৰ প্ৰসংগত আৰু কয়-'কেব আহিলে ১৮৩৬ চনৰ পৰিৱেশ আকৌ ঘূৰি আহিব। অসমীয়া ভাষা কোৱা মানুহ সংখ্যালঘুত পৰিণত হ'ব।অসমৰ স্কুল,কলেজ, আইন-আদালতৰ পৰা অসমীয়া ভাষা আঁতৰি যাব।'লগতে তাৎপৰ্যপূৰ্ণ 
ভাৱে তেওঁ কয়-'অসমীয়াৰ সাংস্কৃতিক পৰিচয়ৰ কেন্দ্ৰ হৈছে অসমীয়া ভাষাটো, ধৰ্ম নহয়।'

আনহাতে উক্ত সংবাদমেলত উপস্থিত থাকি অসম নাগৰিক সমাজৰ কাৰ্যকৰী সভাপতি অজিত কুমাৰ ভূঞাই কয়- 'বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতিৰে ক্ষমতা দখলৰ যি লক্ষ্য বান্ধি লৈছে,তাৰে অংশ হিচাপে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা মানুহৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে।সেই ষড়যন্ত্ৰৰ কথা অসম ৰাইজে ইতিমধ্যে গম পাইছে।কিন্তু সেই ষড়যন্ত্ৰক প্ৰতিহত কৰিবৰ কাৰণে যি ধৰণৰ প্ৰতিৰোধ সংগ্রামৰ প্ৰয়োজন, হয়তো সেই পৰ্যায়ত উপনীত হ'ব পৰা নাই।কিন্তু যিবোৰ আন্দোলন ইতিমধ্যে সংঘটিত হৈছে,যিদৰে জনমত গঠন হৈছে তাৰ পৰা অনুমান কৰিব পাৰি অতি কম সময়ৰ ভিতৰতে অসমত এটা গণ জাগৰণ হ'ব আৰু দিল্লী আৰু দিছপুৰৰ ষড়যন্ত্ৰ বিফল কৰি পেলাব'।লগতে ভূঞাই কয়-'সংখ্যা ৰাজনীতিত কেব গৃহীত হ'ব সেয়া ঠিক।কাৰণ আবেগ- অনুভূতিক কোনো গুৰুত্ব দিয়া হোৱা নাই।সংবিধানত থকা গণতান্ত্ৰিক যি প্রমূল্যক আওকাণ কৰা এইখন চৰকাৰে গণতান্ত্ৰিক দাবীৰ প্ৰতি সন্মান জনাব নাজানে।কাৰণ,অসমত সুদীৰ্ঘ দিন ধৰি গণতান্ত্ৰিক আন্দোলন অব্যাহত আছে, কিন্তু তাৰ প্ৰতি নূন্যতমো সন্মান তেওঁলোকে দেখাব পৰা নাই।কেৱল মাত্ৰ গাদী ৰক্ষাৰ ৰাজনীতিত তেওঁলোক জড়িত হৈছে'।আনহাতে অসম আন্দোলনৰ নেতাসকলে বৰ্তমান  চৰকাৰত মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বহুকেইজন কেবিনেট মন্ত্ৰী হৈ আছে।কিন্তু অসমৰ বাবে ইমানেই দুৰ্ভাগ্য যে সেইসকল নেতাই আজি দিল্লীৰ ওচৰত যি দৰে কঁকাল পেলাই আঁঠু লৈছে, ভাবিলে আধুনিক মানুহ আৰু সভ্য জাতিপ্ৰেমী মানুহ হিচাপে ভাবিলে লজ্জিত অনুভৱ হয়।অসমৰ বাদে যদি অন্য কোনো ৰাজ্যত হয়তো এনেকুৱা ঘটনা মানি নললে হয়।ইমান অপমান, ইমান ষড়যন্ত্ৰ,জাতিক নিঃশেষ কৰাৰ আয়োজন মানি নললে হয়।তাৰ উদাহৰণ মিজোৰাম, অৰুণাচল।আচলতে ৰাজ্যত যে নেতৃত্বৰ অভাৱ হৈছে সেই কথাটো প্ৰমাণ হৈছে'।

'লাচিতে দেশতকৈ মোমাই ডাঙৰ নহয় বুলি কোৱা বাক্য শাৰী এতিয়া সোণোৱাল-হিমন্তৰ বাবে দেশতকৈ মোডী-অমিত শ্বাহ বেছি ডাঙৰ'-ভূঞাই কয় । 

আনহাতে অসম নাগৰিক সমাজৰ উপ-সভাপতি প্ৰশান্ত ৰাজগুৰুৱে কয়- 'অসমক ত্ৰিপুৰা কৰিবলৈ হ'লে কেব সমৰ্থন কৰক আৰু যদি অসমীয়া হিচাপে জীয়াই থাকিব বিচাৰে তেন্তে কেবক বিৰোধিতা কৰক'।

Your Comments