বিজেপি চৰকাৰৰ জাতিধ্বংসী বিধেয়ক বিৰোধিতাৰে শুকুৰবাৰে উত্তাল হ'ল গুৱাহাটীৰ ৰাজপথ।কৃষক মুক্তি সংগ্রাম সমিতিৰ আহ্বানত জাতি ৰক্ষাৰ বাবে ৰাজপথলৈ ওলাই আহিল প্ৰায় তিনি সহস্ৰাধিক নাগৰিক।মহানগৰীৰ গুৱাহাটী ক্লাবত প্ৰতিবাদী জনতা সমবেত হৈ এটা দীঘলীয়া প্ৰতিবাদী যাত্ৰাৰে মহানগৰীৰ ৰাজপথৰ লগতে উত্তাল কৰিলে ৰাজভৱন আৰু মুখ্যমন্ত্ৰী অতিথিশালাৰ চৌহদ।প্ৰতিবাদী যাত্ৰাৰ পূৰ্বে গুৱাহাটী ক্লাবৰ গোল চ'কত ৰাজ্যৰ সাহিত্যিক, সাংবাদিক,লেখক,বুদ্ধিজীৱী,অধিবক্তা, প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান প্ৰমুখ্যে বহুসংখ্যক বিশিষ্ট ব্যক্তিয়ে বিজেপি চৰকাৰৰ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ ভয়াৱহতাৰ কথা সমূহ নাগৰিকৰ সন্মুখত দাঙি ধৰে।কেব বিৰোধিতাৰে নিজৰ ভাষণ প্ৰসংগত বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেন গোহাঁইয়ে কয়-'অসমীয়াই বৰ্তমান হিন্দু-মুছলমানৰ ভেদাভেদ নাৰাখি সুখ-শান্তি আৰু সম্প্ৰীতিৰে জীয়াই থকাটো বিজেপিয়ে বিচৰা নাই।যাৰ বাবে শান্তিৰ অসমত অন্যায় আৰু অসাংবিধানিকভাৱে জাপি দিবলৈ বিচৰা হৈছে কেব।যাতে আমাৰ মাজত থকা ঐক্য ধ্বংস হয় আৰু হিন্দু-মুছলমানৰ কাজিয়াত যাতে আমি লিপ্ত হওঁ।সেই অভিসন্ধিটোত তেওঁলোক সফল হ'বলৈ আমাৰ মাজৰে একাংশক হাতো কৰিছে।কিন্তু সেই অভিসন্ধি আমি প্ৰতিৰোধ কৰি উফৰাই দিম।সংসদত কেব গৃহীত কৰাৰ বাবে বিজেপিৰ হাতত সংখ্যা আছে,কিন্তু সকলোৱে এটা কথা মনত ৰখা উচিত যে আইন এখন গৃহীত কৰিলেই আইন হ'ব নোৱাৰে।অসমত শেষ বিন্দু তেজ থকালৈকে সকলোৱে ইয়াৰ বিৰোধিতা কৰিম।' 'অসমৰে আজি দুৰ্ভাগ্য,কাৰণ কিছুমান বিশ্বাসঘাটক মানুহৰ হাতত ৰাজ্য চলোৱা দায়িত্ব পৰিছে।কিছুমান মানুহে কন্দা-কটা কৰি চৰকাৰৰ পৰা ওলাই আহি আকৌ চৰকাৰত যোগ দিছে।কেব আনিবই বুলি যেতিয়া গৃহমন্ত্ৰী অমিত শ্বাহে সংসদত ঘোষণা কৰিছে,সেই সময়ত সিহঁতে চৰকাৰৰ লগত বহি ৰাজপাট খাইছে।তেনে ধুৰন্ধৰ বিশ্বাসঘাটক মানুহক নেতা বুলি গণ্য নকৰো।আমাৰ নেতা অখিল গগৈ,মনজিৎ মহন্ত আৰু বিদ্রোহী ৰাইজ-নেতাৰ লগত আমি থাকিম আৰু সাম্প্ৰদায়িক গুৰু-গোঁসাই নমনা বিজেপিৰ বিৰোধিতা কৰি যাম'- গোহাঁইয়ে কয়। উল্লেখ্য যে ৰাজ্যৰ বিজেপি চৰকাৰৰ একাংশ নেতাই ইতিমধ্যে ঘোষণা কৰিছে যে পূৰ্বৰ কেব নাহে আৰু তাৰ পৰিৱৰ্তে সংশোধিত ৰূপত আহিব কেব।সেই কথাৰ আঁত ধৰি জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰাই কয়-'নতুন কেবত তেওঁলোকে এইটো ষড়যন্ত্ৰ কৰিছে যে উত্তৰ-পূৰ্বাঞ্চলবাসীৰ একতা ভংগ কৰি তাত এনেকুৱা কিছুমান বিধান সন্নিবিষ্ট কৰা হৈছে,য'ত নেকি উত্তৰ-পূৰ্বাঞ্চলৰ তিনিখনমান ৰাজ্যক বাদ দি অৰ্থাৎ যিসমূহ ৰাজ্যত আন্ত:ৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থা আছে,তেওঁলোকক বাদ দি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজৰ একতা ভংগ কৰিবলৈ বিচাৰিছে।' অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজে বিজেপিৰ অভিসন্ধিত ভুল নগৈ একতাৰে প্ৰতিৰোধ কৰিব লাগে বুলি উল্লেখ কৰে অধিবক্তা বৰবৰাই। ইয়াৰ উপৰিও বৰবৰাই তাৎপৰ্যপূৰ্ণভাৱে কয়-'কেবৰ অন্তৰালত অসমৰ জনতাই কিছুমান জনপ্ৰতিনিধিৰ মুখা চিনি থোৱা ভাল।অমিত শ্বাহ, নৰেন্দ্ৰ মোডী, হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিত দাস, অতুল বৰা,কেশৱ মহন্ত, সু-অভিনেতা ফণীভূষণ চৌধুৰীক চিনি থওক,ইতিহাসত তেওঁলোকৰ দেশদ্ৰোহী হিচাপে নাম থাকি যাব।'তালিকাত সৰ্বানন্দ সোণোৱালৰ নাম নোলোৱা প্ৰসঙ্গ উথাপন কৰি বৰবৰাই আৰু কয়-'তেওঁৰ নাম এইবাবেই সেই তালিকাত লোৱা নাই,কাৰণ মোৰ দৃষ্টিত তেওঁ ইতিমধ্যে দল বাগৰা আৰু মেৰুদণ্ডহীন নিজে একো কৰিব নোৱাৰা নেতালৈ পৰিণত হৈছে।গতিকে তেওঁৰ নাম লোৱাৰ প্ৰয়োজন নাই।' গুৰুত্বপূৰ্ণ কথা এই যে বিজেপিয়ে কেব গৃহীত কৰিম বুলি কোৱাৰ পিছতো আনহে নালাগে শীতকালীন অধিৱেশনৰ তালিকাত ইতিমধ্যে কেব অন্তৰ্ভুক্ত হোৱাৰ পিছতো মিত্ৰজোঁটৰ অংশীদাৰ অগপই অমিত শ্বাহৰে আলোচনাৰ অপেক্ষাত থকা বিষয়টোৰ আঁত ধৰি সাংবাদিক মনজিৎ মহন্তই কয়-'অতুল বৰা বপুৰাই নাজানে নেকি,দিল্লীৰ সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন কৰাৰ বাবে ইতিমধ্যে সকলো যো-জা সম্পূৰ্ণ কৰা হৈছে। নে অসমৰ মানুহক চলাহী কথা কৈছে।টকা আৰু ক্ষমতাই অগপক শেষ কৰি পেলাইছে,আঞ্চলিকতাবাদী ধাৰা নষ্ট কৰি পেলাইছে-তাক সহ্য কৰা নহ'ব।' 'অসমৰ মানুহে অতুল বৰাৰ দৰে মানুহক যেনেকৈ উঠাইছে, তেনেকৈ ডিঙিত ধৰি দলিয়াই দিবলৈ বেছি সময় নালাগে'- সাংবাদিক মহন্তই কয়। ইফালে বৃহৎ প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব বহন কৰি কৃষক নেতা অখিল গগৈয়ে কয়-'সাম্প্ৰদায়িক, অ-সাংবিধানিক কেব অসম কেতিয়াও নামানে।কাৰণ এই বিধেয়ক হ'লে অসমীয়াৰ ৰাজনৈতিক অধিকাৰ সম্পূৰ্ণ শেষ হৈ যাব।' 'বিজেপিৰ ৰাজ্যসভা আৰু লোকসভাৰ পলিটিক্সৰ পৰা আমি কোনোপধ্যে বাচিব নোৱাৰো।লোকসভা আৰু ৰাজ্যসভাৰ সংখ্যাগৰিষ্ঠ ইতিমধ্যে বিজেপি হাতত আছে।তাৰ বাবে দুয়োটা সংসদতে পূৰ্বৰ বছৰৰ দৰে এইবাৰ কেব ৰখাব পৰা নাযাব।গতিকে তাৰ একমাত্ৰ পথটো হৈছে আন্দোলন'-কৃষক নেতা গগৈয়ে কয়। উল্লেখ্য কথা এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন, মাইনী মহন্ত, প্ৰাক্তন অসম আৰক্ষী সঞ্চালক প্ৰধান হৰেকৃষ্ণ ডেকা,পৰেশ মালাকাৰ দৰে ব্যক্তিসকল। গুৱাহাটী ক্লাবৰ পৰা ৰাজভৱনলৈকে আগবঢ়া প্ৰতিবাদী কাৰ্যসূচীৰ জড়িয়তে দেশৰ ৰাষ্ট্ৰপ্ৰতি, প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৰাজ্যপালৰ জৰিয়তে।ইফালে ৰাজ্যপালৰ অনুপস্থিতিত কৃষক মুক্তি সংগ্রাম সমিতিৰ পৰা ৰাজ্যপালৰ হৈ স্মাৰকপত্ৰ গ্ৰহণ কৰে মহানগৰ আৰক্ষী যুটীয়া আয়ুক্ত দেৱৰাজ উপাধ্যায়ে।
- Log in to post comments
- 25 views